গুৱাহাটীৰ নুনমাটিত বন্ধুৱে বন্ধুৰ মৃতদেহ স্কুটীৰে নি পেলাই দিয়া ঘটনাই লৈছে নতুন মোৰ ৷ প্ৰকৃততে বন্ধুৱে বন্ধুক হত্যা কৰি পেলাই দিবলৈ নিছিল নেকি মৃতদেহ ? সেয়া এতিয়াও স্পষ্ট নহয় যদিও কেতবোৰ তথ্য পোহৰলৈ আহিছে ৷ মৃত যুৱকজন হৈছে বামুণীমৈদামৰ ৰোহিত দর্জী ৷ আনহাতে ৰোহিতৰ মৃতদেহ স্কুটীৰে পেলাবলৈ নিয়া যুৱকজন হৈছে নিউ গুৱাহাটীৰ শুভ্ৰজিৎ বৰা ৷মহানগৰ আৰক্ষীৰ ডিচিপি অমিতাভ বসুমতাৰীৰ নেতৃত্বত চলা অভিযানত দেওবাৰে আৰক্ষীয়ে এই ঘটনাৰ মূল নায়ক শুভ্ৰজিৎ বৰাক খানাপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
আৰক্ষীৰ সূত্ৰই সদৰী কৰা অনুসৰি শুভ্ৰজিৎ আৰু ৰোহিতৰ মাজত বন্ধুত্ব আছিল ৷ প্ৰায় এবছৰ পূর্বে দুয়োৰে মাজত চিনাকি হৈছিল ৷দুয়ো বন্ধুৱে আছিল ড্ৰাগছ আসক্ত ৷ যাৰ বাবে দুয়ো দুটা ভিন্ন নিচামুক্তি কেন্দ্ৰত চিকিৎসাধীন হৈ আছিল বুলি জানিব পৰা গৈছে ৷ প্ৰায় ১৫ দিন পূৰ্বে মৃত ৰোহিত দৰ্জীয়ে নগাঁৱৰ এটা নিচামুক্তি কেন্দ্ৰৰ পৰা ঘৰলৈ উভতি আহিছিল। আনহাতে, শুভ্ৰজিতো প্ৰায় ২০ দিন পূৰ্বে গুৱাহাটীৰ এটা নিচামুক্তি কেন্দ্ৰৰ পৰা ঘৰলৈ আহিছিল ৷ নিচামুক্তি কেন্দ্ৰৰ পৰা ওলাই আহিলেও দুয়োৰে স্বভাৱ সলনি হোৱা নাছিল ৷ পুনৰ দুয়োৱে ড্ৰাগছ সেৱন কৰিবলৈ আৰম্ভ কৰিছিল ৷ শণিবাৰে নিশাও ড্ৰাগছ অভাৰড’জ হৈ ৰোহিতৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে ৷ মৃত ৰোহিতৰ শৰীৰত কোনোধৰণৰ আঘাতৰ চিন আৰক্ষীয়ে লাভ কৰা নাই ৷ অৱশ্যে আৰক্ষীৰ তদন্ত সম্পূর্ণ হ’লেহে পোহৰলৈ আহিব ইয়াৰ প্ৰকৃত ৰহস্য ৷
শুভ্ৰজিৎ মহানগৰীৰ আগশাৰীৰ শিক্ষানুষ্ঠান কে চি দাস কমাৰ্চ কলেজৰ স্নাতক তৃতীয় ষান্মষিকৰ ছাত্ৰ বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে শুভ্ৰজিতে স্কুটীত ৰোহিতৰ মৃতদেহ পেলাবলৈ নিয়া দৃশ্য চিচিটিভিত বন্দী হৈছিল ৷ নুনমাটিৰ বাসগৃহত কালি পুৱাৰে পৰা শুভ্ৰজিতৰ সৈতে আছিল ৰোহিত ৷ এই ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷