সকলো ৰাজ্যৰ এণ্টি-নাৰ্কটিকছ টাস্ক ফ’ৰ্চ (এনটিএফ)ৰ উদ্যোগত আজি দেশৰ বিভিন্ন প্ৰান্তত ২,৩০০ কোটিৰো অধিক মূল্যৰ নিচাজাতীয় সামগ্ৰী ধ্বংস কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ভাৰ্চুৱেলি ড্ৰাগছ ধ্বংস কার্যসূচীত অংশগ্ৰহণ কৰে ৷
আজি নতুন দিল্লীত শ্বাহে “ড্ৰাগছ সৰবৰাহ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা” বিষয়ক আঞ্চলিক সন্মিলনৰ অধ্যক্ষতা কৰে। এই অনুশীলনত আনুমানিক মূল্য ২,৪১৬ কোটি টকা মূল্যৰ ১,৪৪,০০০ কিলোগ্ৰামতকৈ অধিক ড্ৰাগছ ধ্বংস কৰা হয়। এন চি বি হায়দৰাবাদ ইউনিটে জব্দ কৰা ৬,৫৯০ কিলোগ্ৰাম, ইন্দোৰ ইউনিটে জব্দ কৰা ৮২২ কিলোগ্ৰাম, জম্মু ইউনিটে জব্দ কৰা ৩৫৬ কিলোগ্ৰাম ড্ৰাগছ আজি ধ্বংস কৰা হয় ৷
লগতে এনচিবিয়ে অসমত ধ্বংস কৰা ড্ৰাগছৰ পৰিমাণ মুঠ ১,৪৮৬ কিলোগ্ৰাম ৷ তদুপৰি চণ্ডীগড়ত ২২৯ কিলোগ্ৰাম, গোৱাত ২৫ কিলোগ্ৰাম, গুজৰাটত ৪,২৭৭ কিলোগ্ৰাম, হাৰিয়ানাত ২,৪৫৮ কিলোগ্ৰাম, জম্মু-কাশ্মীৰত ৪,০৬৯ কিলোগ্ৰাম, মধ্যপ্ৰদেশত ১,০৩,৮৮৪ কিলোগ্ৰাম, মহাৰাষ্ট্ৰত ১৫৯ কিলোগ্ৰাম , ত্ৰিপুৰাত ১,৮০৩ কিলোগ্ৰাম , আৰু উত্তৰ প্ৰদেশত ৪,০৪৯ কিলোগ্ৰাম ড্ৰাগছ ধ্বংস কৰা হয় ।
এক বিবৃতিত উল্লেখ কৰা অনুসৰি কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰিছে। ২০২২ চনৰ ১ জুনৰ পৰা ২০২৩ চনৰ ১৫ জুলাইলৈকে এনচিবি আৰু ৰাজ্যিক নিচাযুক্ত দ্ৰব্য বিৰোধী টাস্ক ফ’ৰ্চৰ সকলো আঞ্চলিক ইউনিটে প্ৰায় ৯,৫৮০ কোটি টকা মূল্যৰ প্ৰায় ৮,৭৬,৫৫৪ কিলোগ্ৰাম জব্দ ড্ৰাগছ ধ্বংস কৰে ৷ ইয়াৰ পৰিমাণ লক্ষ্যৰ ১১ গুণতকৈও অধিক।
আজিৰ এই ড্ৰাগছ দহণ অভিযানত এবছৰত ধ্বংস হোৱা মুঠ ড্ৰাগছৰ পৰিমাণ প্ৰায় ১০ লাখ কিলোগ্ৰামলৈ বৃদ্ধি পাইছে। এই ড্ৰাগছৰ মুঠ মূল্য প্ৰায় ১২,০০০ কোটি। আনুষ্ঠানিক বিবৃতিটোত উল্লেখ কৰা হৈছে যে ড্ৰাগছ মুক্ত ভাৰতৰ সপোন বাস্তৱায়িত কৰাৰ স্বাৰ্থত সক্ৰিয়ভাৱে আৰু একে উদ্যমেৰে এই ড্ৰাগছ ধ্বংস অভিযান অব্যাহত থাকিব।