ভয়ংকৰ আৰু শক্তিশালী ধুমুহাই আমেৰিকাত বিমান সেৱাত ব্যাঘাত জন্মাইছে ৷ সতৰ্কতামূলক ব্যৱস্থা আৰু সুৰক্ষাৰ বাবে আমেৰিকাত ২৬০০খন বিমান বাতিল কৰা হৈছে । ফলত যাত্ৰীসকলে চৰম দুখ-কষ্টৰ সন্মুখীন হ’বলগীয়া হয়।
ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই ৱাশ্বিংটন ডি চিৰ বাবে চূড়ান্ত টৰ্নেডোৰ সতৰ্কবাণী জাৰি কৰিছে। কেৱল ৱাশ্বিংটন ডিচিয়েই নহয়, টেনেচিৰ পৰা নিউয়ৰ্কলৈকে আমেৰিকাৰ ১০খন ৰাজ্যকো সতৰ্ক কৰা হৈছে। মেৰিলেণ্ড আৰু ভাৰ্জিনিয়াৰ ২ লাখ পৰিয়াল ইতিমধ্যে টৰ্নেডোৰ বাবে বিদ্যুৎ বিহীন হৈ পৰিছে। দক্ষিণ আৰু মধ্য আটলাণ্টিক ৰাজ্যসমূহতো একেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।
ৱাশ্বিংটনৰ উপকূলীয় অঞ্চলসমূহতো সম্ভাৱ্য বানপানীৰ সতৰ্কবাণী জাৰি কৰা হৈছে ৷ দক্ষিণ কেৰ’লিনাত ধুমুহাৰ সময়ত এজোপা গছ পৰি মৃত্যু হৈছে এজন কিশোৰৰ। আনহাতে, স্থানীয় কৰ্তৃপক্ষই জনোৱা মতে, ফ্ল’ৰেন্সত বজ্ৰপাতৰ ফলত এজন যুৱকৰ মৃত্যু হৈছে। আলাবামা, জৰ্জিয়া, উত্তৰ আৰু দক্ষিণ কেৰ’লিনা, মেৰিলেণ্ড, নিউ জাৰ্চি, ডেলাৱেৰ, পেনচিলভেনিয়া, টেনেচি, পশ্চিম ভাৰ্জিনিয়া আৰু ভাৰ্জিনিয়া আদি অঞ্চলত ধুমুহাই বিয়পি পৰাৰ লগে লগে ১১ লাখৰো অধিক ঘৰ বিদ্যুৎ বিহীন হৈ পৰে।
ফ্লাইট এৱেৰৰ তথ্য অনুসৰি ধুমুহাৰ বাবে প্ৰায় ৮ হাজাৰ বিমানৰ যাত্ৰা পলম হৈছে। হাৰ্টছফিল্ড-জেকচন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সৰ্বাধিক বিমান বাতিল কৰা হৈছে ৷ফেডাৰেল এভিয়েশন এডমিনিষ্ট্ৰেচনে জনোৱা মতে, কেইবাখনো বিমান ডাইভাৰ্ট কৰা হৈছে।