VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নগাঁও কলেজত দুলাল গোস্বামী স্মাৰক গৱেষণা প্ৰদান,গ্ৰন্থ উন্মোচন

ঋতু পৰ্ণ শৰ্মা by ঋতু পৰ্ণ শৰ্মা
March 4, 2023
in মুখ্য সংবাদ
নগাঁও কলেজত দুলাল গোস্বামী স্মাৰক গৱেষণা প্ৰদান,গ্ৰন্থ উন্মোচন
0
SHARES
20
VIEWS
Share on FacebookShare on Twitter

দুলাল চন্দ্ৰ গোস্বামী ন্যাস আৰু আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষ,নগাঁও কলেজ(অট’নমাচ)ৰ উদ্যোগত “দুলাল চন্দ্ৰ গোস্বামী স্মাৰক গৱেষণা প্ৰদান” অনুষ্ঠানটি শুক্ৰবাৰে অনুষ্ঠিত হৈ যায় । নগাঁও কলেজৰ অধ্যক্ষ ড° শৰৎ বৰকটকীয়ে সভাপতিত্ব কৰা বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি ৰূপে ড° বি বৰুৱা কৰ্কট ৰোগ প্ৰতিষ্ঠানৰ প্ৰাক্তন সঞ্চালক তথা বিশিষ্ট কৰ্কট ৰোগ চিকিৎসক ড° অমল চন্দ্ৰ কটকী উপস্থিত থাকে ।

অনুষ্ঠানত ডা°কটকীয়ে ২০২২ বৰ্ষৰ “দুলাল চন্দ্ৰ গোস্বামী স্মাৰক গৱেষণা বঁটা” নগাঁও কলেজ (অট’নমাচ)ৰ ৰসায়ন বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক লক্ষ্যজ্যোতি বৰঠাকুৰ আৰু অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপক ড°টিকেন দাসক প্ৰদান কৰে। লগতে বিশিষ্ট অতিথি আলোক গোস্বামীয়ে শিক্ষা বিভাগৰ সহকাৰী অধ্যাপক ড° আফজালুৰ ৰহমানৰ “Introduction to Development Psychology” শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰে । ভাষণ প্ৰসংগত মুখ্য অতিথি ড° অমল চন্দ্ৰ কটকীয়ে কয় যে জীৱন শৈলী আৰু খাদ্যাভাসৰ বাবে পশ্চিমীয়া দেশ আৰু ভাৰতবৰ্ষৰ কৰ্কট ৰোগৰ মাজত পাৰ্থক্য আছে ।

ধঁপাতজাতীয় দ্ৰব্য সেৱনৰ ফলত সৰ্বভাৰতীয় সমীক্ষাত ২৮শতাংশৰ পৰিৱৰ্তে উত্তৰ-পূৰ্বাঞ্চলত ৪৫.৭ শতাংশ কৰ্কট ৰোগ হয় লগতে মাদক দ্ৰব্য সেৱনৰ ফলত সৰ্বভাৰতীয় ১২শতাংশৰ তুলনাত উত্তৰ-পূৰ্বাঞ্চলত ২২.৩ শতাংশ জনসাধাৰণ কৰ্কট ৰোগৰ বলি হয় । ড° কটকীয়ে লগতে উল্লেখ কৰি কয় যে সৰ্বভাৰতীয় সমীক্ষাত স্তন কৰ্কট ৰোগীৰ সংখ্যা হায়দৰাবাদ জিলাত ৪৮ শতাংশৰ পৰিৱৰ্তে উত্তৰ-পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশৰ পাপুমপাৰে জিলাত চাৰ্ভিক্স ইউটেৰাই কৰ্কট ৰোগীৰ সংখ্যা ২৭.৭ শতাংশ। একেদৰে গৰ্ভাশয় কৰ্কট ৰোগ অৰুণাচল প্ৰদেশৰ পাপুমপাৰে জিলাত ১৩.৭ শতাংশৰে ভাৰতবৰ্ষৰ ভিতৰত সৰ্বাধিক। প্ৰাপ্তবয়স্কপ্ৰাপ্ত হোৱাৰ পূৰ্বে বিবাহ,কম বয়সত গৰ্ভধাৰণ, গৰ্ভধাৰণৰ ব্যৱধান কম হোৱা, দুৰ্বল পুষ্টি,পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভাৱ,যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত মহিলা,পুৰুষ-মহিলাৰ একাধিক যৌন সংগী,ধূমপান আদি একাধিক কৰ্কট ৰোগৰ আশংকিত কাৰকৰ কথা বক্তব্যত উল্লেখ কৰে।

ড° কটকীয়ে কম বয়সতে ঋতুস্ৰাৱ,অনিয়মীয়া ঋতুস্ৰাৱ,সন্তানহীনতা,পলমকৈ সন্তান প্ৰসৱ হোৱা,স্তনপান নকৰোৱা,বংশগত স্তন কৰ্কট ৰোগ,মেদবহুলতা আদি আশংকিত স্তন কৰ্কট ৰোগৰ কথা লগতে উল্লেখ কৰে। ড° কটকীয়ে দ্ৰুত পৰীক্ষা,নিজাভাৱে স্তন পৰীক্ষা,জীৱন শৈলী,খাদ্যাভাস, কৰ্কট ৰোগৰ প্ৰাৰম্ভিক পৰীক্ষা আদিৰ যোগেদি কৰ্কট ৰোগ নিয়ন্ত্ৰণত সহায়ক হ’ব আৰু এইক্ষেত্ৰত সামূহিক সজাগতাৰ কথাও উল্লেখ কৰে । ২০২২ চনৰ সমীক্ষা অনুসৰি অসমৰ প্ৰেক্ষাপটত কেৱল মাত্ৰ ২৪% জনসাধাৰণে সাধাৰণ কৰ্কট ৰোগৰ পৰীক্ষাৰ প্ৰতি সজাগ । আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ সমন্বয়ক ড° ভুৱন চন্দ্ৰ চুতীয়াই আঁত ধৰা অনুষ্ঠানত পাঁচ শতাধিক অধ্যাপক-অধ্যাপিকা, গৱেষক ছাত্ৰ-ছাত্ৰীৰ লগতে ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে । অনুষ্ঠানৰ শেষত ড° ফৰিষ্টা য়াচমিনে শলাগৰ শৰাই আগবঢ়ায় ।

Previous Post

নগাঁৱৰ বেবেজীয়াৰ ঐতিহ্যমণ্ডিত জামুগুৰিৰ সাৰ্বজনীন গৰখীয়া থানত ৩০সংখ্যক দৌল উৎসৱৰ আয়োজন

Next Post

🙏 দৈনিক ৰাশি ফল 🙏

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7