সোণৰ সন্ধানত দেওবাৰে নিশা নগাঁৱৰ পাঠৰিত আৰক্ষীৰ অভিযান ৷ মাটি খান্দি আৰক্ষীয়ে উদ্ধাৰ কৰিলে যীশুখ্ৰীষ্টৰ সোণৰ মূৰ্তি আৰু সোণৰ নাও ৷ অৱশ্যে এয়া প্ৰকৃত সোণ নাছিল আছিল নকল সোণহে ৷
মুক্লেচুৰ ৰহমান নামৰ এটা প্ৰবঞ্চকে আজি কিছুদিন ধৰি লখিমপুৰৰ পৰা এইদৰে নকল সোণৰ নাও আৰু মূৰ্তি বিক্ৰী কৰি বহু লোকক প্ৰবঞ্চনা কৰি আহিছে ৷ দেওবাৰে নগাঁও আৰু ননৈ আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই পাঠৰি কাটনি গাঁৱৰ পৰা প্ৰবঞ্চকটোক গ্ৰেপ্তাৰ কৰে আৰু উদ্ধাৰ কৰে নকল সোণৰ মূৰ্তি আৰু নাও ৷ ইতিমধ্যে নগাঁও আৰক্ষীয়ে নকল সোণৰ চক্ৰটোৰ মূল অপৰাধীৰ সন্ধানত মুক্লেচুৰক জেৰা অব্যাহত ৰাখিছে ৷