অলপতে বিট্ৰেইনৰ ডাৰহাম বিশ্ববিদ্যালয়ত বেশ্যাবৃত্তিৰ পাঠ্যক্ৰম আৰম্ভ হৈছে। অতীজৰে পৰা চলি অহা বৃত্তিক নতুন ৰূপত চাবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে।
বেশ্যা বৃত্তিৰ সৈতে জড়িত লোকসকলৰ সুবিধাৰ অৰ্থে এই পাঠ্যক্ৰম মুকলি কৰিছে। বৃত্তিৰ সময়ত নিজকে কেনেকৈ সুৰক্ষিত কৰি ৰাখিব, এই সম্পৰ্কীয় সজাগতা, স্বাস্থ্যজনিত সমস্যা আদিৰ ওপৰত বিজ্ঞানসন্মত অধ্যয়ন আৰম্ভ কৰা তথা বেশ্যা বৃত্তিৰ সৈতে জড়িত বা এই বৃত্তিৰ লোকসকলক সজাগ কৰি তোলাই হৈছে পাঠ্যক্ৰমৰ মূল উদ্দেশ্য।
অনলাইনযোগে আৰম্ভ হ’বলগীয়া পাঠ্যক্ৰম এতিয়া ব্যাপক চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। বিট্ৰেইনৰ শিক্ষা বিভাগৰ মন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এই ব্যৱস্থাই বেশ্যা বৃত্তিক বৈধ কৰাৰ উপৰিও এই বৃত্তিৰ প্ৰতি বহুলোকক উদগণি যোগাব বুলি উল্লেখ কৰিছে।
সমাজ আৰু আইনে স্বীকৃতি প্ৰদান নকৰিলেও বেশ্যা বৃত্তি অতীতৰে পৰা আমাৰ সমাজত প্ৰচলিত হৈ আহিছে। ব্যাপক প্ৰতিবাদৰ পিছতো বৰ্তমানো আমাৰ সমাজত বা দেশত এই বৃত্তি চলি আছে। এচাম নাৰী পুৰুষ নিয়োজিত হৈ আছে।
এই বৃত্তিৰ সৈতে দুই ধৰণৰ লোক জড়িত গ্ৰাহক আৰু বিক্ৰেতা। বেশ্যা বৃত্তিত সদায় বিক্ৰেতাসকলৰ অনিষ্ট হোৱা দেখা যায়। শাৰীৰিক, মানসিক, অস্বাস্থ্যকৰ পৰিৱেশ কেৱল বিক্ৰেতাসকলৰ ক্ষেত্ৰত হোৱা দেখা যায়।
এই ক্ষেত্ৰত বিজ্ঞানসন্মত পাঠ্যক্ৰমে এই বৃত্তিৰ সৈতে জড়িত লোকসকলৰ জীৱনৰ কিছু সংকত নাইকিয়া কৰি সুস্বাস্থ্যৰ অধিকাৰী হোৱাত সহায় কৰিব।
বেশ্যা বৃত্তিৰ সৈতে জড়িত লোকসকল সমাজৰ এক অস্পৃশ্য শ্ৰেণী। কিন্তু তেওঁলোকৰ গ্ৰাহকসকলৰ মান সমাজত আজিও উচ্চ। এই গ্ৰাহক শ্ৰেণীটোৰ অবিহনে এই বৃত্তি জীয়াই থাকিব নোৱাৰে। কিন্তু এনে অসৎ লোকসকলৰ বাবে শিশু সৰবৰাহৰ দৰে ঘটনা সংঘটিত হৈ বেশ্যা বৃত্তিত নিয়োজিত হ’বলৈ শিশুসকলক বাধ্য কৰে। সময়ত কোনো কোনোৱে স্বইচ্ছায়ো এই বৃত্তি বাছি লয়।
উল্লেখযোগ্য যে বিশ্ববিদ্যালয়ৰ এই পাঠ্যক্ৰম যিসকললোক ইতিমধ্যে বেশ্যা বৃত্তিৰ সৈতে জড়িত হৈ আছে সেইসকলৰ বাবেহে। বিশ্ববিদ্যালয়ৰ এই পদক্ষেপ আদৰণীয়। ইয়াৰ জৰিয়তে সমাজৰ পৰিত্যক্ত লোকসকলে কিছু উন্নত জীৱন যাপন কৰিবলৈ সুযোগ লাভ কৰিবলৈ সক্ষম হ’ব।