কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ভ্ৰমণৰ সময়ত জম্মু-কাশ্মীৰত নিয়ন্ত্ৰণ ৰেখাৰ সিপাৰে উগ্ৰপন্থীৰ অনুপ্ৰৱেশৰ আন এক ঘটনা সংঘটিত হৈছে । কুপৱাৰাৰ পিছত এইবাৰ পুঞ্চত এই ঘটনা সংঘটিত হৈছে ৷
সংবাদ সংস্থা পিটিআইয়ে জনোৱা মতে, শুকুৰবাৰে গভীৰ নিশা গুলপুৰ ছেক্টৰৰ ফৰৱাৰ্ড ৰেঞ্জাৰ নালা অঞ্চলত উগ্ৰপন্থীয়ে সেনাৰ চকুত ধূলি মাৰি পাকিস্তান অধিকৃত কাশ্মীৰৰ পৰা অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল। সেই কথা গম পায় সেনাবাহিনীৰ টহলদাৰী বাহিনীয়ে তেওঁলোকক বাধা দিয়ে ৷ দুয়োপক্ষৰ মাজত গুলীয়াগুলীৰ ঘটনা সংঘটিত হয় ৷ উগ্ৰপন্থীৰ গুলীচালনাত এজন সেনা জোৱান গুৰুতৰভাৱে আহত হয়।
সেনাৰ সূত্ৰ অনুসৰি শনিবাৰে পুৱাও অঞ্চলটোত গুলীয়াগুলী সংঘটিত হয়। পাহাৰ আৰু অৰণ্যৰে আগুৰি থকা ফৰৱাৰ্ড ৰেঞ্জাৰ নালাত তালাচী অভিযান চলাবলৈ অতিৰিক্ত বাহিনী অনা হৈছে। শুকুৰবাৰে নিশাও পাকিস্তান অধিকৃত কাশ্মীৰৰ পৰা কুপৱাৰাৰ মাছিল ছেক্টৰৰ নিয়ন্ত্ৰণ ৰেখাত অনুপ্ৰৱেশ কৰি সেনাৰ গুলীচালনাত চাৰিজন উগ্ৰপন্থী নিহত হয়।