কেন্দ্ৰীয় চৰকাৰে অসমত কেতবোৰ অভিলাষী আঁচনি ঘোষণা কৰিছে ৷ বিশেষকৈ মঙলবাৰে গুৱাহাটীলৈ অহা কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰিয়ে কেইবাখনো আঁচনিৰ কথা ঘোষণা কৰিছে ৷ যাৰ ভিতৰত আছে ৰিং ৰোড, কাজিৰঙাত এলিভেটেড কৰিড’ৰ আৰু ব্ৰহ্মপুত্ৰ নদীৰ তলেৰে গহপুৰ আৰু নুমলীগড়ৰ মাজত সুৰংগ নির্মাণ প্ৰকল্প ৷ কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি ব্ৰহ্মপুত্ৰ নদীৰ তলেৰে গহপুৰ আৰু নুমলীগড়ৰ মাজত সুৰংগ নির্মাণ প্ৰকল্পৰ ডিপিআৰ প্ৰস্তুতৰ দায়িত্ব প্ৰদান কৰা হৈছে আমেৰিকাৰ বিতর্কিত প্ৰতিষ্ঠান লুই বার্জাৰক ৷ স্বাভাৱিকতেই এই বৃহৎ প্ৰকল্পৰ বাবে লুই বার্জাৰৰ দৰে প্ৰতিষ্ঠানক ডিপিআৰ প্ৰস্তুতৰ দায়িত্ব অর্পনক লৈ প্ৰশ্নৰ উত্থাপন হৈছে ৷
কিয়নো ব্ৰহ্মপুত্ৰ নদীৰ তলেৰে গহপুৰ আৰু নুমলীগড়ৰ মাজত সুৰংগ নির্মাণ প্ৰকল্প দেশৰ প্ৰতিৰক্ষাৰ বাবে এক অত্যন্ত গুৰুত্বপূর্ণ প্ৰকল্প ৷ এই প্ৰকল্প ৰূপায়নত সর্বাধিক গুৰুত্ব আৰোপ কৰিছে দেশৰ চপ্ৰতিৰক্ষা মন্ত্ৰালয়ে ৷ কিন্তু দুর্নীতিৰ গোচৰত অভিযুক্ত এটা প্ৰতিষ্ঠানকে পুনৰ এনে গুৰু দায়িত্ব দিয়াটো যুক্তিসংগতনে ? কিয়নো পূর্বে অসমকে ধৰি দেশৰ কেইবাস্থানতো পানী যোগান প্ৰকল্প ৰূপায়নত অনিয়ম সংঘটিত কৰিছিল লুই বার্জাৰে ৷ আনকি লুই বার্জাৰৰ বিৰুদ্ধে চিবিআইয়ে তদন্তও কৰিছিল ৷
২০১৫ চনত অসমৰ এজন আৰটিআই কর্মী ভবেন সন্দিকৈয়ে এটা গোচৰ ৰুজু কৰিছিল ৷ য’ত তেওঁ অভিযোগ কৰিছিল যে গুৱাহাটীত পানী যোগান প্ৰকল্পৰ ১৪৫২ কোটি টকীয়া ঠিকা লাভ কৰাৰ বাবে লুই বার্জাৰে ৰাজনৈতিক নেতা আৰু বিষয়াক ৬ কোটি টকা উৎকোচ দিছিল ৷ গোচৰটোৰ তদন্ত কৰিছিল চিবিআইয়ে ৷ গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই ২০১০ চনত লুই বার্জাৰক তিনিটা পানী যোগান প্ৰকল্প পৰিচালনাৰ বাবে ঠিকা দিছিল। এছিয়ান ডেভেলপমেণ্ট বেংক আৰু জাপান ইণ্টাৰনেশ্যনেল ক’অপাৰেচন এজেন্সীৰ পুঁজিৰে চলি থকা এই প্ৰকল্পসমূহৰ কোনোটোৱেই এতিয়াও সম্পূৰ্ণ হোৱা নাই ৷ আধাতে কাম সমাপ্ত কৰি আঁতৰি গৈছিল লুই বার্জাৰ ৷ সেই লুই বার্জাৰ প্ৰতিষ্ঠানেই প্ৰস্তুত কৰিব ব্ৰহ্মপুত্ৰ নদীৰ তলেৰে গহপুৰ আৰু নুমলীগড়ৰ মাজত সুৰংগ নির্মাণ প্ৰকল্পৰ ডিপিআৰ ৷