ক্ৰমাৎ সুস্থ হৈ উঠিছে জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ ‘মোহন’ নামেৰে খ্যাত দ্বীপজ্যোতি কেওঁট ৷ আজি হেলথ্ চিটি হাস্পতাল কৰ্তৃপক্ষই সদৰী কৰা অনুসৰি তেওঁ বৰ্তমান সংকটনমুক্ত । বৰ্তমান আই চি ইতে চিকিৎসা প্ৰদান কৰা হৈছে যদিও সংকটমুক্ত। পুৱা আৰু গধূলি আহাৰো গ্ৰহণ কৰিছে অভিনেতাজনে । বন্ধুৰ লগত কথা পতাৰ লগতে খোজ কাঢ়িছে দ্বীপজ্যোতিয়ে। বৰ্তমানলৈকে সকলো ৰিপ’ৰ্ট ঠিকে আছে। সকলো ঠিকে থাকিলে শুকুৰবাৰে ঘৰলৈ যাবলৈ অনুমতি দিয়া হ’ব অভিনেতাজনক ৷
উল্লেখ্য যে যোৱা ১ জানুৱাৰীত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল দ্বীপজ্যোতিক ৷ হৃদৰোগত আক্ৰান্ত হোৱা অভিনেতাজনৰ চিকিৎসকে অস্ত্ৰোপচাৰৰ পৰামৰ্শ দিছিল। সেইদিনাই হৃদৰোগ বিশেষজ্ঞ মায়াংক আগৰৱালাৰ তত্বাৱধানত দ্বীপজ্যোতিৰ অস্ত্ৰোপচাৰ সম্পন্ন হয়। অস্ত্ৰোপচাৰৰ পিছত ৪৮ ঘণ্টা চিকিৎসকৰ নিৰীক্ষণত ৰখা হৈছিল অভিনেতাজনক ৷