অসমৰ বিশিষ্ট শিল্পী, সুকন্ঠী গায়িকা সুদক্ষিণা শৰ্মাৰ মৃত্যুত ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে গভীৰ শোক প্ৰকাশ কৰিছে আৰু শোক সন্তপ্ত পৰিয়াল তথা গুণমুগ্ধসকললৈ সমবেদনা জ্ঞাপন কৰিছে। শ্ৰদ্ধেয় সুদক্ষিণা শৰ্মাৰ মৃত্যু অসমৰ সমাজ জীৱনৰ বাবে ডাঙৰ ক্ষতি বুলি ডি ৱাই এফ আইয়ে অভিহিত কৰিছে। এটা সাংস্কৃতিক পৰিয়ালত জন্মগ্ৰহণ কৰা সুদক্ষিণা শৰ্মা প্ৰগতিশীল চিন্তা আৰু সমাজমুখী দৃষ্টিভংগীৰ বাবে সমাজ জীৱনত পৰিচিত আছিল। সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ ভগ্নী তথা বিশিষ্ট শিল্পী দিলীপ শৰ্মাৰ পত্নী সুদক্ষিণা শৰ্মাই সমাজলৈ দি গৈছে অনন্য অৱদান। জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভাৰ সান্নিধ্য লাভ কৰা সুদক্ষিণা শৰ্মাই ভাৰতীয় গণনাট্য সংঘৰ সৈতে নিবিড়ভাৱে জড়িত আছিল। তেওঁ গণনাট্য সংঘৰ গুৱাহাটী শাখাৰ দীৰ্ঘকালৰ বাবে সভানেত্ৰীৰ দায়িত্বও পালন কৰিছিল। সততে সমাজমুখী চিন্তাৰ গৰাকী সুদক্ষিণা শৰ্মাই মৃত্যুৰ সময়তো দি গ’ল বিৰল নিদৰ্শন। তেখেতে চিকিৎসা বিজ্ঞানৰ উন্নয়ন আৰু মানৱ সেৱাৰ বাবে “ইলোৰা বিজ্ঞান মঞ্চ”ৰ জৰিয়তে অংগদান কৰাৰ লগতে চকু জুৰিও দুজন অন্ধ লোকৰ বাবে দান কৰি যায়। অসমৰ শিল্পী সাহিত্যিকৰ জীৱনত এনে নিদৰ্শন খুবেই বিৰল। অসম আন্দোলনৰ সময়ত গণতন্ত্ৰৰ পক্ষে দৃঢ় অৱস্থান লোৱা সুদক্ষিণা শৰ্মা আৰু তেওঁৰ স্বামী দিলীপ শৰ্মাই যথেষ্ট নিৰ্যাতন মূৰ পাতি ল’বলগীয়া হৈছে। তেওঁ প্ৰতিকূল পৰিস্থিতিৰ মাজতো জাতি-ভেদ, সম্প্ৰদায়িকতা, কুসংস্কাৰৰ পৰা সদায় উৰ্ধত থাকিছিল। এনে এগৰাকী শিল্পীৰ মৃত্যু ৰাজ্যখনৰ বাবে ডাঙৰ ক্ষতি।
সুদক্ষিণা শৰ্মা মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি আজি ডি ৱাই এফ আইৰ ৰাজ্যিক সম্পাদক ৰিতু ৰঞ্জন দাস আৰু ৰাজ্যিক সদস্য লিন্টন শইকীয়াই আনুষ্ঠানিকভাৱে পুষ্পমাল্য নিৱেদন কৰি শ্ৰদ্ধা জ্ঞাপন কৰে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত হোৱা দেহদান আৰু অন্তিম শ্ৰদ্ধা অনুষ্ঠানত উপস্থিত থাকি শ্ৰদ্ধা জ্ঞাপন কৰা হয়।