২৪ বছৰ পূৰ্বে পত্নীৰ মৃত্যুৰ পাছত দুয়োজন পুত্ৰই একো গুৰুত্ব নিদিয়াত তামিলনাডুৰ বাসিন্দা পুলপাণ্ডিয়ানে ভিক্ষা খুজি দিন পাৰ কৰিবলৈ আৰম্ভ কৰিছে । কিন্তু ৭২ বছৰীয়া পুলপাণ্ডিয়ানে দান-বৰঙণিৰ ধন নিজৰ বাবে খৰচ নকৰি সকলোখিনি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়ায়। ৫ বছৰ ধৰি ভিক্ষা কৰি ৫০ লাখ টকা সংগ্ৰহ কৰিছিল তেওঁ । তেওঁ তামিলনাডুৰ বিভিন্ন জিলা পৰিভ্ৰমণ কৰি চৰকাৰী কাৰ্যালয়লৈ ধন আগবঢ়ায়।
চিএনএন নিউজ১৮ক দিয়া এক সাক্ষাৎকাৰত তেওঁ কয় ‘ মোৰ পৰিয়ালত কোনো নাই। ইমান টকাৰে কি কৰিম? পত্নীৰ বহু আগতেই মৃত্যু হৈছে। পুত্ৰও বিয়া হৈ গৈছে। এতিয়া সিহঁতৰ এটা সুকীয়া পৰিয়াল আছে। ল’ৰাই মোক চোৱাচিতা নকৰে। গতিকে মই অকলে ঘূৰি ফুৰো, ভিক্ষা খুজি নিজৰ খৰচ নিজেই বহন কৰো।” পুলপাণ্ডিয়ানে কয় যে তেওঁ প্ৰথমে ২০২০ চনৰ মে’ মাহত ক’ভিড মহামাৰীৰ সময়ত সাহায্য পুঁজিলৈ ধন আগবঢ়াইছিল। তেওঁ প্ৰথমবাৰৰ বাবে ১০ হাজাৰ টকা দান কৰে। ইয়াৰ পিছত তেওঁ তামিলনাডুৰ বিভিন্ন জিলাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ গৈ ধন দান কৰে।
৫ বছৰ ধৰি প্ৰায় ৫০ লাখ টকা সঞ্চয় কৰা বুলি জানিবলৈ দিয়ে ৭২ বছৰীয়া ব্যক্তিজনে। তেওঁৰ একক পৰিয়ালত কোনো খৰচ নথকাৰ বাবেই তেওঁ এই সমগ্ৰ ধন মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ দান কৰাৰ সিদ্ধান্ত লয়। তেওঁ কেৱল সাহায্য পুঁজিলৈ নহয়, শ্ৰীলংকাৰ তামিলসকলক সহায় কৰাৰ লগতে বিভিন্ন বিদ্যালয়ৰ উন্নয়নৰ বাবেও ধন দিছিল। ১৯৮০ চনত তামিলনাডুৰ পৰা পত্নী আৰু দুই পুত্ৰৰ সৈতে পুলপাণ্ডিয়ানে মুম্বাইলৈ গুচি যায়। তাত সৰু সৰু কামো কৰিছিল। উপাৰ্জন কৰি দুজন পুত্ৰক বিয়া কৰাইছিল।
২৪ বছৰ পূৰ্বে পত্নীৰ মৃত্যুৰ পিছত তেওঁ পুত্ৰৰ ওচৰলৈ যায়। কিন্তু তেওঁৰ দুই পুত্ৰই তেওঁৰ দায়িত্ব ল’বলৈ অস্বীকাৰ কৰাৰ বাবে পুলপাণ্ডিয়ানে তামিলনাডুলৈ আহি ভিক্ষা খুজিবলৈ ধৰিলে। সমাজসেৱাৰ বাবে ২০২০ চনত মাদুৰাই জিলা আয়োগে তেওঁক বঁটা প্ৰদান কৰি সম্বৰ্ধনা জনায়।