পৰিবেশ সুৰক্ষাৰ স্বাৰ্থত ডব্লিউ ডব্লিউ এফৰ আহ্বান মৰ্মে সমগ্ৰ বিশ্বৰ লগতে অসমতো অহা ২৩ মাৰ্চত বিশ্ব ধৰিত্ৰী ঘণ্টা উদযাপন কৰা হ’ব । সেই অনুসৰি অহা ২৩ মাৰ্চ, শনিবাৰৰ নিশা ৮.৩০ বজাৰ পৰা ৯.৩০ বজালৈ ৰাজ্যৰ প্ৰতিখন জিলাৰ সকলো চৰকাৰী কাৰ্যালয়-প্ৰতিষ্ঠানত অপ্ৰয়োজনীয় লাইট এঘণ্টাৰ বাবে বন্ধ থাকিব । এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে যাবতীয় নিৰ্দেশনা জাৰি কৰিছে ।
উল্লেখ্য যে বিশ্বৰ সুৰক্ষাৰ বাবে প্ৰতিবছৰে ধৰিত্ৰী ঘণ্টা পালন কৰা হয় ৷ এইবছৰ ১৮ সংখ্যক ধৰিত্ৰী দিৱসৰ সংস্কৰণত বিশ্বৰ ১৯০ খন দেশে অংশগ্ৰহণ কৰিব ৷
২০০৭ চনত অষ্ট্ৰেলিয়াত ডব্লিউ ডব্লিউ এফআৰু ইয়াৰ অংশীদাৰসকলৰ নেতৃত্বত ধৰিত্ৰী ঘণ্টাৰ আৰম্ভণি হৈছিল “লাইট অফ” পদক্ষেপ হিচাপে। আৰম্ভণিৰে পৰাই ই এক বিশ্বব্যাপী আন্দোলনলৈ পৰিণত হৈছে, লাখ লাখ লোকক এঘণ্টাৰ বাবে অপ্ৰয়োজনীয় লাইট বন্ধ কৰিবলৈ অনুপ্ৰাণিত কৰি আহিছে ৷
২০০৭ চনৰ ৩১ মাৰ্চত স্থানীয় সময় অনুসৰি সন্ধিয়া ৭.৩০ বজাত ছিডনীত প্ৰথমবাৰৰ বাবে ধৰিত্ৰী ঘণ্টা পালন কৰা হৈছিল ৷ পিছৰ বছৰলৈকে এই আহ্বানে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰাধান্য লাভ কৰে আৰু ২০০৮ চনৰ ২৯ মাৰ্চত বিশ্বজুৰি লাখ লাখ লোকে অংশগ্ৰহণ কৰে ৷