আজি পুনৰ আন এক ভূমিকম্পই জোঁকাৰি গ’ল ৰাজ্য ৷ বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাৱল্য আছিল ৩.৭ ৷ আজি পুৱা ৬ বাজি ৫৭ মিনিটত এই ভূমিকম্পৰ কপনি অনুভুত হয় ৷ ভূমিকম্পটোৰ উৎস হৈছে দক্ষিণ শালমাৰা মানকাচাৰ ৷ উল্লেখ্য যে অসমৰ উপৰি দুটা সুকীয়া ভূমিকম্পই কপাই তুলিছে মেঘালয় আৰু মণিপুৰ ৷ মেঘালয়ৰ তুৰা অঞ্চলত মঙলবাৰে পুৱা কম্পন অনুভৱ কৰা হয়। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৩.৭। এই খবৰটো প্ৰকাশ কৰিছে নেচনেল চেণ্টাৰ ফৰ ছিজম’লজীয়ে।মঙলবাৰে পুৱা ৬:৫৭ বজাত তুৰা অঞ্চলত সংঘটিত হয় ভূমিকম্প। ভূমিকম্পত কোনো ধৰণৰ ক্ষয়-ক্ষতিৰ খবৰ পোৱা নগ’ল। সোমবাৰে মেঘালয়ত অনুষ্ঠিত হয় বিধানসভা নিৰ্বাচন। অহা বৃহস্পতিবাৰে ঘোষণা কৰা হ’ব ফলাফল।
মেঘালয়ৰ ভূমিকম্পৰ ৫ ঘণ্টা পূৰ্বে উত্তৰ-পূবৰ আন এখন ৰাজ্যত কম্পন অনুভৱ কৰা হৈছিল। নিশা প্ৰায় ২:৪৫ বজাত মণিপুৰৰ ন’ন জিলাত অনুভূত হয় এই কঁপনি। ৰিখটাৰ স্কেলত তীব্ৰতা আছিল ৩.২।
বিগত কিছুদিন ধৰি দেশৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈছে ভূমিকম্প। ১৯ ফেব্ৰুৱাৰীত অৰুণাচল প্ৰদেশত কম্পন অনুভৱ কৰা হৈছিল। ৰিখটাৰ স্কেলত তীব্ৰতা আছিল ৩.৮। ২২ ফেব্ৰুৱাৰীত দিল্লী আৰু ইয়াৰ কাষৰীয়া অঞ্চলত ভূমিকম্পৰ সৃষ্টি হৈছিল। ৰিখটাৰ স্কেলত ইয়াৰ তীব্ৰতা আছিল ৪.৪। ইয়াৰ প্ৰভাৱ উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড আৰু হাৰিয়ানাৰ বৃহৎ অঞ্চলত অনুভৱ কৰা হৈছিল।