তুৰস্ক আৰু ছিৰিয়াত ভূমিকম্পৰ দহ দিন পাৰ হৈ গ’ল। ইয়াৰ পাছতে তুৰস্ক আৰু ছিৰিয়া মৃত্যু শিবিৰত পৰিণত হৈছে। বহু ঘৰ নিমিষতে ধ্বংসস্তুপত পৰিণত হৈছে ৷ এতিয়াও ধ্বৎসস্তুপৰ তলত আবদ্ধ হৈ আছে বহু লোক ৷ এতিয়াও চলি আছে উদ্ধাৰৰ কাম। তুৰস্কৰ দুহাজাৰ বছৰীয়া ইতিহাসো এই ভূমিকম্পৰ ফলত ধ্বংস হৈ পৰিছে ।
গাজিয়ানটেপ দুৰ্গ। এই দুৰ্গৰ সৈতে তুৰস্কৰ ইতিহাস ঘনিষ্ঠভাৱে জড়িত। দুহাজাৰ বছৰ ধৰি এই দুৰ্গটো গাজিয়ানটেপ চহৰৰ মাজমজিয়াত দেশখনৰ ইতিহাস বহন কৰি আহিছে ৷ কিন্তু সোমবাৰৰ ভয়ংকৰ ভূমিকম্পই দুৰ্গটো ধ্বংস কৰি পেলায় ৷ ভূমিকম্পৰ ফলত গাজিয়ানটেপ দুৰ্গৰ অধিকাংশ অঞ্চল খহি পৰিছে ৷ দূর্গটোৰ পূব, দক্ষিণ-পূব আৰু দক্ষিণ অংশ সম্পূৰ্ণৰূপে ভাঙি পৰিছে। দুৰ্গৰ কিছু দেৱাল ভাঙি পৰিছে । বেৰৰ অন্যান্য অংশও ক্ষতিগ্ৰস্ত হৈছে। লোহাৰ বেৰবোৰো ভাঙি যোৱা পৰিলক্ষিত হৈছে ৷
গাজিয়ানটেপ দুৰ্গ ভাঙি পৰাত তুৰস্কৰ নাগৰিক স্তম্ভিত হৈ পৰিছে । বহু লোকে এই ধ্বংসাৱশেষৰ ফটো তুলিছিল। একাংশই ইয়াৰ ভিডিঅ’টো লৈ ছ’চিয়েল মিডিয়াত পোষ্ট কৰে। তুৰস্কৰ গাজিয়ানটেপ চহৰৰ মাজমজিয়াত অৱস্থিত এই দুৰ্গ। ইতিহাসবিদসকলে দাবী কৰে যে এই দুৰ্গটো ২০০ৰ পৰা ৩০০ খ্ৰীষ্টাব্দৰ ভিতৰত নিৰ্মাণ কৰা হৈছিল। বৰ্তমানৰ তুৰস্কৰ আনাতোলিয়া অঞ্চলত হিট্টী সাম্ৰাজ্যৰ ৰাজত্বকালত এই দুৰ্গটো পৰ্যবেক্ষণ চকী হিচাপে ব্যৱহাৰ কৰা হৈছিল।
ইয়াৰ পিছত গাজিয়ানটেপৰ দুৰ্গটো পূব ৰোমান সাম্ৰাজ্যৰ মূল দুৰ্গ হিচাপে পৰিচিত হয়। ৫২৭ চনৰ পৰা ৫৬৫ খ্ৰীষ্টাব্দৰ ভিতৰত পূব ৰোমত শাসন কৰা সম্ৰাট জাষ্টিনিয়ান প্ৰথমে দুৰ্গটো আৰু অধিক সম্প্ৰসাৰণৰ নিৰ্দেশ দিয়ে। দুৰ্গৰ কিছু অংশ পুনৰ নিৰ্মাণ কৰা হয়। গাজিয়ানটেপ দুৰ্গটোৰ মাজত এটা বৃত্তাকাৰ অংশ আছে আৰু ইয়াৰ পৰিধি ১২০০ মিটাৰ। গড়ৰ দেৱাল শিলেৰে নিৰ্মাণ কৰা হৈছে। গাজিয়ানটেপ দুৰ্গটোত ১২টা ওখ দুৰ্গ আছে। সেই সময়ৰ ৰোমান সৈন্যসকলে এই দুৰ্গসমূহ প্ৰতিৰক্ষাৰ বাবে ব্যৱহাৰ কৰিছিল।
প্ৰয়োজন অনুসৰি কেইবাবাৰো গাজিয়ানটেপ দুৰ্গ পুনৰ নিৰ্মাণ কৰা হৈছে। দ্বাদশ আৰু ত্ৰয়োদশ শতিকাৰ মাজত আয়ুবিদ বংশৰ পৰা ২০ শতিকালৈকে তুৰ্কীৰ স্বাধীনতা যুদ্ধত এই দুৰ্গটোৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। গাজিয়ানটেপ চিটাডেলক ‘গাজিয়ানটেপ ডিফেন্স এণ্ড হেৰ’ইজম পেনোৰামিক মিউজিয়াম’ হিচাপে ব্যৱহাৰ কৰা হয়। ১৫১৬ খ্ৰীষ্টাব্দত অট্টোমান সাম্ৰাজ্যৰ শাসকসকলে গাজিয়ানটেপ দুৰ্গ দখল কৰে। সেইবাবেই এই দুৰ্গৰ নাম গাজিয়ানটেপ চহৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰ্যটনস্থলীৰ তালিকাত ৰখা হৈছে ৷
অট্টোমান সাম্ৰাজ্যৰ পতনৰ পিছত ফৰাচী সৈন্যই তুৰস্ক আক্ৰমণ কৰে। তেওঁলোকৰ আক্ৰমণ ৰোধ কৰিবলৈ গাজিয়ানটেপ চহৰে নিজকে বৃহৎ প্ৰতিৰক্ষা ব্যৱস্থাৰে ঘেৰি ধৰিলে। ফৰাচীৰ তুৰস্ক আক্ৰমণৰ বিষয়ে এখন তথ্যচিত্ৰ নিৰ্মাণ কৰা হৈছিল। তথ্যচিত্ৰখনৰ চিত্ৰগ্ৰহণত ব্যৱহাৰ কৰা হৈছিল গাজিয়ানটেপ দুৰ্গ।
এই প্ৰসংগত তুৰস্কৰ এজন স্থানীয় বাসিন্দাই কয় , “ভূমিকম্পৰ ফলত আমি বহুত ক্ষতিগ্ৰস্ত হ’লোঁ।গাজিয়ানটেপ দুৰ্গ আমাৰ বাবে গৌৰৱৰ বিষয়। এই দুৰ্গটোৱে ইমান দিনে ইমানবোৰ আক্ৰমণ সহ্য কৰি আহিছে। কিন্তু ভূমিকম্পৰ বাবে সকলো শেষ হৈ গ’ল।” এতিয়ালৈকে তুৰস্ক আৰু ছিৰিয়াত মৃত্যুৰ সংখ্যা ৪২ হাজাৰ স্পর্শ কৰিছে । তুৰস্ক প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি সেই দেশত ৩৬ হাজাৰ ১৮৭ জন লোকৰ মৃত্যু হৈছে। ছিৰিয়াত মৃত্যু হোৱা লোকৰ সংখ্যা ৫৮০০।