মেদবহুল হোৱাৰ ভয়ত ৰুটি খাবলৈ এৰিছে নেকি ? কিন্তু আপুনি জানেনে যে নিয়মীয়া ৰুটিৰ সলনি ‘গোটা শস্য’(‘wholegrain’) ৰুটি খালে শৰীৰত চর্বি জমা নহয় ৷ অন্ততঃ শেহতীয়াকৈ প্লাণ্ট ফুড ফ’ৰ হিউমেন নিউট্ৰেচন(Plant Food for Human Nutrition) ত প্ৰকাশিত এক অধ্যয়নত এই কথা প্ৰকাশ কৰিছে ৷
জাপানৰ পঞ্চাশজন বাসিন্দাই এই সমীক্ষাত অংশগ্ৰহণ কৰে। ২৫ জনীয়া এটা দলক সাধাৰণ আটাৰ ৰুটি আৰু আনটো দলক ‘গোটা শস্য’ ৰুটি দিয়া হৈছিল। তিনিমাহৰ পিছত অধ্যয়নৰ শেষত দ্বিতীয় গোটৰ ক্ষেত্ৰত দেখা গ’ল যে তেওঁলোকৰ উচ্চতা আৰু ওজনৰ সাপেক্ষে তেওঁলোকৰ ‘বডি মাছ ইনডেক্স’ বা ‘বিএমআই’ মান সাধাৰণতে হ’বলগীয়াতকৈ হ্ৰাস পাইছে। সেই অধ্যয়নৰ ভিত্তিত গৱেষকসকলে এই সিদ্ধান্তত উপনীত হয়।
ৰুটি খালে কেনেকৈ পেটৰ চৰ্বি কমাব পাৰি?
পেটৰ ভিতৰত বিভিন্ন অংগ যেনে অন্ত্ৰ, যকৃতত চৰ্বি জমা হোৱাৰ ফলত হৃদৰোগ, ডায়েবেটিছ বা কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। চিকিৎসকৰ মতে, গোটা শস্যৰ আটাৰ ৰুটিত থকা সহজে হজম হোৱা আঁহ, ভিটামিন আৰু খনিজ পদাৰ্থই যকৃতৰ দ্বাৰা উৎপন্ন হোৱা এনজাইমৰ নিঃসৰণ বৃদ্ধি কৰে, যিবোৰ পৰৱৰ্তী সময়ত ‘ভাল’ কলেষ্টেৰললৈ ৰূপান্তৰিত হয়। ইয়াৰ উপৰিও এই উদ্দীপক পদাৰ্থবোৰে বিপাকীয় হাৰ বৃদ্ধিতো সহায় কৰে। যাৰ ফলত তেজৰ শর্কৰাৰ মাত্ৰাত প্ৰভাৱ পৰে। ওজন কমোৱাও বহুত সহজ।
এই ধৰণৰ ৰুটি সকলোৱে খাব পাৰিবনে?
চিকিৎসকৰ মতে যিসকলক কম ফাইবাৰ বা কম কাৰ্বযুক্ত খাদ্য খাবলৈ কোৱা হয় তেওঁলোকে এই ৰুটি পৰিহাৰ কৰিব লাগে। এই ধৰণৰ ৰুটি কোনো কাৰণতে অস্বাস্থ্যকৰ নহয়। কিন্তু পাচনতন্ত্ৰৰ সমস্যা থাকিলে বা গ্লুটেন সদৃশ খাদ্যৰ প্ৰতি এলাৰ্জী থাকিলে গোটা শস্যৰ ৰুটি খাব নালাগে।