এনফর্চমেণ্ট সঞ্চালকালয় চমুকৈ ই ডিয়ে শেহতীয়াকৈ তামিলনাডুত বেংক আৰু লটাৰী জালিয়াতিৰ সৈতে জড়িত দুটা পৃথক গোচৰত ৪০০ কোটি টকাৰ সম্পত্তি জব্দ কৰিছে ৷ এটা গোচৰত ইডিয়ে চেন্নাইৰ চৰভানা ষ্ট’ৰছ (গোল্ড পেলেচ)ৰ ২৩৪.৭৫ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত কৰে ৷
ইণ্ডিয়ান বেংকক কেইবা কোটি টকাৰ সুৰত প্ৰতাৰণা কৰাৰ অভিযোগত প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে অবৈধ ধনৰ লেনদেনৰ গোচৰ ৰুজু কৰা হৈছিল। ইডিয়ে কয় যে, ‘চৰভানা ষ্ট’ৰছ (গোল্ড পেলেচ)ৰ অংশীদাৰ প্ৰয়াত পল্লাকুদুৰাই, পি সুজাতা আৰু ৱাই.পি. শিৰাৱনে বেংকৰ বিষয়াসকলৰ সৈতে ষড়যন্ত্ৰ কৰি চেন্নাইৰ টি নগৰ অঞ্চলত অৱস্থিত বেংকৰ শাখাটোৰ লোকচান সাধন কৰিছিল ৷
দ্বিতীয়টো গোচৰত ইডিয়ে অনলাইন লটাৰীৰ সৈতে লেনদেন কৰা কোম্পানী ছান্টিয়াগো মাৰ্টিনৰ ১৭৩.৪৮ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত কৰে ৷ ইডিয়ে চিবিআইৰ এজাহাৰৰ ভিত্তিত আৰম্ভ কৰিছিল অবৈধ ধন সৰবৰাহৰ তদন্ত।