এনফর্চমেণ্টৰ জেৰাৰ সন্মুখীন হ’ব লাগিব কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধী আৰু সাংসদ ৰাহুল গান্ধী ৷ নেচনেল হেৰল্ড গোচৰত দুয়ো গৰাকী নেতালৈ চমন জাৰি কৰিছে এনফর্চমেণ্টে ৷ আনহাতে ২০১৫ চনতে কংগ্ৰেছে এই গোচৰটো তদন্তকাৰীয়ে বন্ধ কৰিছিল বুলি দাবী কৰিছে ৷ কংগ্ৰেছ নেতা তথা জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে বিৰোধী নেতাসকলৰ বিৰুদ্ধে কেন্দ্ৰীয় সংস্থাসমূহক পুতলাৰ দৰে ব্যৱহাৰ কৰিছে ৷ মমতা বেনাৰ্জী, ফাৰুক আব্দুল্লাকে ধৰি সকলো বিৰোধী নেতা কেন্দ্ৰীয় সংস্থাৰ আক্ৰমণৰ বলি হৈছে বুলিও তেওঁ কয় ৷
সিংভীয়ে লগতে কয়-“২০১৫ চনত ইডিয়ে নেচনেল হেৰাল্ডৰ গোচৰটো বন্ধ কৰি দিছিল। কিন্তু চৰকাৰে এই কার্য ভাল নাপালে আৰু সংশ্লিষ্ট ইডিৰ বিষয়াসকলক আঁতৰাই আনি নতুন বিষয়া নিযুক্তিৰে গোচৰটো পুনৰ মুকলি কৰি দিলে।“ নেচনেল হেৰল্ডৰ গোচৰটো ইকুইটি লেনদেনত ২,০০০ কোটিৰো অধিক সম্পত্তিৰ অপব্যৱহাৰৰ অভিযোগৰ উত্থাপিত হৈছে ৷
কিছুদিন পূৰ্বে গান্ধী পৰিয়ালক জাননী প্ৰদান কৰিছে ৷ এপ্ৰিল মাহত ইডিয়ে নেশ্যনেল হেৰল্ড গোচৰৰ ধন সৰবৰাহৰ সন্দৰ্ভত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন বনছাল, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মল্লীকাৰজুন খাৰ্গেক সোধা-পোছা কৰিছিল।