ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে বৃহস্পতিবাৰে ২০২০-২১ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফলত সন্তুষ্টি লাভ নকৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এক বিশেষ ঘোষণা আগবঢ়ায়। শিক্ষামন্ত্ৰীৰ ঘোষণা অনুসৰি অহা ১ অক্টোবৰৰ পৰা অনুষ্ঠিত হ’ব লগা বিশেষ পৰীক্ষাত এইসকল শিক্ষাৰ্থী পুনৰবাৰ অৱতীৰ্ণ হ’ব পাৰিব।
কোভিড ১৯ৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি এইবছৰ অসম চৰকাৰে ৰাজ্যত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষা বাতিলৰ নিৰ্দেশ দিছিল আৰু বিকল্প মূল্যাঙ্কণ পদ্ধতিৰ আধাৰত ফলাফল ঘোষণা কৰিছিল। ৩০ জুলাইত ঘোষণা কৰা এই ফলাফলক লৈ বহুতো শিক্ষাৰ্থী সন্তুষ্ট হ’ব পৰা নাছিল।
সেই মৰ্মেই ছেবাই পুনৰবাৰ পৰীক্ষা পতাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ঘোষণা অনুসৰি অক্টোবৰৰ ১ তাৰিখৰ পৰা ১১ অক্টোবৰলৈকে ৰাজ্যত হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছাৰ বিশেষ পৰীক্ষা অনুষ্ঠিত কৰা হ’ব।
এই বিশেষ পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা ছাত্ৰ-ছাত্ৰীৰ বাবে অনলাইন আবেদনৰ সুবিধাৰ্থে ছেবাই এক অনলাইন পৰ্টেল মুকলি কৰিছিল। ইতিমধ্যে এই পৰ্টেলটোৰ মাধ্যমেৰে ২২,৮০৯ খন আবেদন লাভ কৰিছে বুলি ছেবাই জানিবলৈ দিয়ে।