গুৱাহাটী, ২১ জুনঃ কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ উদ্যোগত আৰু অসম চৰকাৰৰ আয়ুষ সঞ্চালকালয়, ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয় আৰু জিলা স্বাস্থ্য সমিতিৰ সহযোগত আজি পুৱা গুৱাহাটীৰ দেশভক্ত তৰুণ ৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত নৱম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়৷ অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ডা৹ ৰণোজ পেগুৱে বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে৷ যোগ দিৱসৰ কাৰ্যসূচী শুভাৰম্ভ কৰি দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে শাৰিৰীক স্বাস্থ্যই মানৱ জীৱনৰ সম্পূৰ্ণ স্বাস্থ্য নহয়৷ শাৰিৰীক আৰু মানসিক দুয়োটাৰ সমন্বিত স্বাস্থ্যকহে প্ৰকৃততে সম্পূৰ্ণ সুস্থ স্বাস্থ্য বুলিব পাৰি৷ এই সুস্থ স্বাস্থ্য অৰ্জন কৰিবলৈ আৰু মানসিক শান্তি অৰ্জনৰ বাবে যোগক জীৱনৰ গুৰুত্বপূৰ্ণ অভ্যাস হিচাপে গঢ়িবলৈ তেওঁ সকলোকে আহ্বান জনায়। দেশৰ ভৱিষ্যত প্ৰজন্মকো যোগৰ সৈতে সৰুৰে পৰাই জড়িত হ’বলৈ মন্ত্ৰীগৰাকীয়ে কয়৷ মন্ত্ৰী ডা৹ ৰণোজ পেগু, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰনীয়া, কামৰূপ (মহানগৰ) জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা, স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত ঝৰ্ণা পাটগিৰি প্ৰমুখ্যে জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ বিষয়-কৰ্মচাৰী, কেবাগৰাকী বিশিষ্ট ব্যক্তি আৰু বহু শিক্ষাৰ্থীয়ে যোগাভ্যাস কৰে৷ কাৰ্যসূচীৰ অন্তত মন্ত্ৰীগৰাকীয়ে যোগাভ্যাস কৰোৱা যোগ প্ৰশিক্ষকসকলক স্বীকৃতি-পত্ৰ প্ৰদান কৰে৷