VOICE 24x7
Thursday, May 8, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰধান শিক্ষক নিযুক্তিকে ধৰি পদোন্নতি চাকৰি নিয়মীয়াকৰণ বিদ্যালয়ৰ বিজুলী ৰেহাই আদিক লৈ মাধ্যমিক শিক্ষক সন্থাৰ সৈতে শিক্ষামন্ত্ৰীৰ ইতিবাচক আলোচনা

voicedesk by voicedesk
August 31, 2023
in মুখ্য সংবাদ
প্ৰধান শিক্ষক নিযুক্তিকে ধৰি পদোন্নতি চাকৰি নিয়মীয়াকৰণ বিদ্যালয়ৰ বিজুলী ৰেহাই আদিক লৈ মাধ্যমিক শিক্ষক সন্থাৰ সৈতে শিক্ষামন্ত্ৰীৰ ইতিবাচক আলোচনা
0
SHARES
82
VIEWS
Share on FacebookShare on Twitter

অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ এটি সজাতি দলৰ সৈতে শিক্ষামন্ত্ৰী ড° ৰণোজ পেগু ৱে ৩০ জুলাইত জনতা ভবনত এক ইতিবাচক আৰু সন্তোষজনক আলোচনাত মিলিত হয়৷ দীৰ্ঘদিনীয়া সমস্যা প্ৰধান শিক্ষক ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক ,অধ্যক্ষ, উপাধ্যক্ষ আৰু সহকাৰী প্ৰধান শিক্ষক নিযুক্তিৰ স্থায়ী ৰূপ দি আগন্তুক ৬ মাহৰ ভিতৰত পদোন্নতি, নিযুক্তিৰে সমাপ্ত হব বুলি দোহাৰে শিক্ষামন্ত্ৰীয়ে৷ হাইস্কুল আৰু হায়াৰচেকেণ্ডেৰী স্কুলৰ স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীধাৰী একে কেটেগৰী সহকাৰী শিক্ষক সকলে প্ৰধান শিক্ষক আৰু অধ্যক্ষ বাচনী প্ৰক্ৰিয়াত অংশ গ্ৰহণ কৰাৰ লগতে নিযুক্তি দিয়া হব বুলি শিক্ষামন্ত্ৰীয়ে জনায়৷ এক প্ৰেছ বিবৃতিত অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ সভাপতি মকিবৰ ৰহমান আৰু সাধাৰণ সম্পাদক গোবিন্দ চন্দ্ৰ কলিতাই এই আলোচনাৰ বিষয়ে জনায় যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ আৰু শিক্ষামন্ত্ৰীৰ সদিচ্ছাত আগন্তুক কেইমাহমানৰ ভিতৰত মাধ্যমিক শিক্ষাখণ্ডত চলি থকা সকলো সমস্যাৰ প্ৰায় স্থায়ী সমাধান সম্ভব হৈ উঠিব৷ মাধ্যমিক প্ৰাদেশীকৃত শিক্ষা সেৱা বিধি আৰু চৰকাৰী স্কুল সেৱা বিধি ইতিমধ্যে সংশোধন হৈছে ( অধিসূচনা জাৰি চূড়ান্ত) আৰু এই সংশোধনীৰ জৰিয়তে অতি কম দিনৰ ভিতৰতে পদোন্নতি/ নিযুক্তি আদি সৰলীকৰণ কৰা হব৷ অবশ্যে ২০১৩চনৰ প্ৰাদেশীকৃত আৰু ২০২১ চনৰ শ্ৰেষ্ঠ বিদ্যালয় সমুহৰ প্ৰধান শিক্ষকৰ ১০ বছৰ সম্পূৰ্ণ নোহোৱাৰ বাবে পদোন্নতিৰ সলনি ভাৰপ্ৰাপ্ত প্ৰধান হিচাপে ৰাখিবলৈ সম্ভব হব বুলি আলোচনাত স্পষ্ট হয়৷ আৰ্জিত চুটি ৩০ দিন বা ২৪ দিনলৈ বৰ্ধিত কৰাৰ বাবে ইতমধ্যে সংশ্লিষ্ট পক্ষ সাজু হৈছে বুলি দোহাৰি সন্থাৰ সাধাৰণ সম্পাদক গোবিন্দ চন্দ্ৰ কলিতাই কয় যে শিক্ষামন্ত্ৰীয়ে সম্পূৰ্ণ আস্বস্ত কৰি জানিবলৈ দিছে যে মাধ্যমিক বিদ্যালয়ত কৰ্মৰত অতিৰিক্ত শিক্ষক সকলৰ চাকৰি অতি কম সময়ত নিয়মীয়াকৰণ কৰাৰ লগতে আই টি চি শিক্ষক সকলোকো পৰ্যায়ক্ৰমো আৰ ও পি দিয়াৰ ব্যবস্থা কৰা হব৷ একত্ৰিকৰণ হোৱা বিদ্যালয়ৰ নিম্ন স্নাতক পদ সমুহ স্নাতক পৰ্যায়লৈ নিয়াৰ বাবেও ইতিমধ্যে কমন চাৰ্ভিছ ৰুল এটা সাজু কৰি তোলা বুলিও এই আলোচনাতে স্পষ্ট হয় বুলি প্ৰকাশ কৰে গোবিন্দ চন্দ্ৰ কলিতাই৷ শিক্ষামন্ত্ৰী ডাঙৰীয়াই বিদ্যালয় সমুহৰ বিদ্যুতৰ বিল সমুহ কেনেকৈ ৰেহাই মূল্যলৈ আনিব পাৰি সেই সম্পৰ্কটো সংশ্লিষ্ট পক্ষৰ লগত আলোচনা কৰা লগতে বিদ্যালয় সমুহৰ আন্তগাঠনি উন্নয়ন শৈক্ষিক বাতানুকূল কৰাৰ স্বাৰ্থত এচ এচ এ (SSA) আৰু অতিৰিক্ত জিলা আয়ুক্তৰ পৰা সংশ্লিষ্ট শিক্ষা বিষয়ালৈ ক্ষমতা হস্তান্তৰ কৰিব বুলি আৰু বিদ্যালয় সমুহৰ পৰিদৰ্শক, জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ খালী থকা পদ সমুহ নিযুক্তিৰ বাবে APSC লৈ বিজ্ঞাপনৰ বাবে পঠোৱা হয় বুলি শিক্ষামন্ত্ৰীয়ে দিয়া আস্বাস ত সন্টুষ্টি প্ৰকাশ কৰিছে অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাই৷ উক্ত আলোচনাত সভাপতি,সাধাৰণ সম্পাদকৰ উপৰিও উপসভাপতি হেমন্ত শইকীয়া, কৰ্ণধাৰ সদস্য পৰেশ চন্দ্ৰ নাথ, কৃষ্ণা মিজাৰ আৰু কামৰূপ মহানগৰ জিলাৰ সভাপতি উৰ্মিমালা বুজৰবৰুৱা৷

Previous Post

শুনানি গ্ৰহণৰ সন্মতি উচ্চতম ন্যায়ালয়ৰ

Next Post

‘International Overdose Awareness Day’ ৰ অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকা

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
‘International Overdose Awareness Day’ ৰ অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকা

'International Overdose Awareness Day' ৰ অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7