সমগ্ৰ দেশৰ লগত অসমতো অহা ১১ এপ্ৰিল বৃহস্পতিবাৰে পালন কৰা হব ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ-উল-ফিতৰ। মঙ্গলবাৰে এক বিবৃতিত এই কথা সদৰি কৰিছে কেন্দ্ৰীয় হিলাল কমিটী, অসমৰ সভাপতি মৌলানা শ্বেখ ফখৰুদ্দিন আহমেদ কাছিমী আৰু সম্পাদক প্ৰধান আলহাজ ইমদাদ হুছেইনে।
বিবৃতিত তেওঁলোকে কয়-“ অসম আৰু ভাৰতত জোন দেখাৰ খবৰ পোৱা নগ’ল। সেয়েহে অহা ১১ এপ্ৰিল, বৃহস্পতিবাৰে ভাৰতৰ লগতে অসমতো ঈদ পালন কৰা হ’ব।“ বিবৃতিৰ জৰিয়তে কেন্দ্ৰীয় হিলাল কমিটীয়ে সমূহ অসমবাসী ৰাইজক ঈদৰ শুভেচ্ছাও জ্ঞাপন কৰিছে।
ইতিমধ্যে ৰাজ্যত বৃদ্ধি পাইছে ঈদৰ প্ৰস্তুতি ৷ সজাই পৰাই তোলা হৈছে মছজিদ আৰু ঈদগাহ ময়দানসমূহ ৷ সেইদৰে আলহী – অতিথিক আদৰিবলৈ ব্যস্ততা বাঢ়িছে গৃহিনীসকলৰ ৷