১১১ বছৰ পূৰ্বে আটলাণ্টিক মহাসাগৰত ডুব যোৱা টাইটানিক জাহাজৰ ধ্বংসাৱশেষ পৰিদৰ্শন কৰিবলৈ দেওবাৰে পাঁচজন যাত্ৰী লৈ ৰাওনা হয় ছাবমেৰিন টাইটানে। যাত্ৰাৰ ১ ঘণ্টা ৪৫ মিনিটৰ পাছত টাইটানৰ ‘মূলজাহাজ’খনে পোলাৰ প্ৰিন্সৰ সৈতে সকলো যোগাযোগ বিচিন্ন হৈ পৰে ৷ কিন্তু শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি যোগাযোগ হেৰাই যোৱাৰ কিছু ক্ষণৰ পাছতেই এই বাৰ্তা আমেৰিকাৰ ক’ষ্ট গাৰ্ডৰ ওচৰলৈ গৈছিল। বিশেষজ্ঞসকলে দাবী কৰিছে যে যদিহে এই খবৰটো আগতেই ক’ষ্ট গাৰ্ডৰ ওচৰ পালেহেঁতেন তেন্তে তেওঁলোকে দ্ৰুতগতিত অনুসন্ধান অভিযান চলাব পাৰিলেহেঁতেন।স্থানীয় সংবাদ সংস্থাৰ মতে দেওবাৰে পুৱা প্ৰায় ৯:৪৫ বজাত টাইটানৰ সৈতে মাতৃজাহাজখনৰ যোগাযোগ হেৰুৱাই পেলায়। কিন্তু অ’চেনগেটৰ মালিকানাধীন ছাবমেৰিনে আমেৰিকাৰ ক’ষ্ট গাৰ্ডক তৎকালীনভাৱে অৱগত কৰা নাছিল। বৰঞ্চ বিয়লি ৫:৪০ বজাত প্ৰায় ৮ ঘণ্টাৰ পিছত আমেৰিকাৰ ক’ষ্ট গাৰ্ডে এই খবৰ লাভ কৰে। ইয়াৰ পিছতে কানাডাৰ ক’ষ্ট গাৰ্ডক অৱগত কৰা হয়।
স্থানীয় সংবাদ সংস্থাৰ মতে, কানাডাৰ ক’ষ্ট গাৰ্ডক দেওবাৰে নিশা ৯:১৩ বজাত টাইটানৰ সৈতে যোগাযোগ হেৰুৱাই পেলোৱাৰ পিছত অৱগত কৰা হয়।আমেৰিকাৰ নৌসেনাৰ পাৰমাণৱিক চাবমেৰিন কমাণ্ডাৰ হিচাপে কাম কৰা লেফটেনেণ্ট ডেভিদ মাৰ্কেটে দাবী কৰে যে ছাবমেৰিনখনৰ যাত্ৰীসকলে জীয়াই থকাৰ সম্ভাৱনা ১ শতাংশ। ২০২১ চনৰ পৰা অ’চেনগেট সংস্থাটোৱে টাইটানিকৰ ধ্বংসাৱশেষ দেখুৱাবলৈ এক অভিযান আৰম্ভ কৰিছে। প্ৰতিজনৰ প্ৰতি ডেৰ-দুই নিযুত ডলাৰৰ বিনিময়ত তেওঁলোকে ইয়াক গভীৰ সাগৰলৈ লৈ গৈছিল আৰু টাইটানিকৰ ধ্বংসাৱশেষ দেখুৱাইছিল।
দেওবাৰে কানাডাৰ উপকূলৰ নিউফাউণ্ডলেণ্ডৰ ওচৰৰ আটলাণ্টিকৰ গভীৰতাত ডুব যোৱা টাইটান জাহাজখনত পাঁচজন যাত্ৰী আছিল । কিন্তু ছাবমেৰিনখন যাত্ৰাৰ ১ ঘণ্টা ৪৫ মিনিটৰ অন্তত অন্তৰ্ধান হয়। উপকূলৰক্ষী আৰু কানাডাৰ সেনাবাহিনীক সতৰ্ক কৰি দিয়া হয় আৰু অনুসন্ধান আৰম্ভ কৰা হয়, যুদ্ধবিমান আৰম্ভ কৰা হয়। অ’চেনগেটৰ মতে, ২১ ফুট দীঘল আৰু ১০,৪৩২ কিলোগ্ৰাম ওজনৰ টাইটানখনে সাগৰৰ ১৩,০০০ ফুট গভীৰতাত প্ৰচণ্ড পানীৰ চাপ সহ্য কৰিবলৈ সক্ষম। কিন্তু বিশেষজ্ঞসকলে দাবী কৰে যে ছাবমেৰিনৰ ভিতৰত ৯৬ ঘণ্টাৰ বাবে অক্সিজেন জমা হৈ থাকিলেও এই পৰিস্থিতিত টাইটান ফাটি যোৱাটো অস্বাভাৱিক নহয়। বিশেষজ্ঞসকলে আশংকা কৰিছে যে যিকোনো মুহূৰ্ততে এটা পাইপ ফাটি যাব পাৰে। তলৰ ফালৰ পৰা ছাবমেৰিনৰ ভিতৰলৈ পানী প্ৰৱেশ কৰাৰ আশংকা দূৰ কৰিব নোৱাৰি। ফলত ছাবমেৰিনৰ ভিতৰত বায়ু চলাচল কঠিন হৈ পৰিব। ইয়াৰ উপৰিও সেই সময়ত টাইটানৰ ভিতৰত যি চাপৰ সৃষ্টি হ’ব সেয়া সাগৰৰ পানীতকৈ প্ৰায় ৪০০ গুণ বেছি।
আমেৰিকাৰ ক’ষ্ট গাৰ্ডৰ এজন বিষয়াই কয়, ‘আমি জানো যে সকলোৱে আশা কৰিছে যে আমি উদ্ধাৰত সফল হ’ম। কিন্তু সঁচা কথা ক’বলৈ গ’লে উদ্ধাৰ কামৰ বাবে আমি আন কোনো ছাবমেৰিনক ২০০০ ফুটতকৈ অধিক তললৈ নিব নোৱাৰো।“ ৫৯ বছৰীয়া এই প্ৰবীণ দুঃসাহসিকজনে অজ্ঞাত ঠাইলৈ গৈ নতুন আৱিষ্কাৰ আৰু অভিজ্ঞতা সংগ্ৰহ কৰি ভাল পায়। যোৱা দেওবাৰে তেওঁ ছ’চিয়েল মিডিয়াত ঘোষণা কৰিছিল যে তেওঁ টাইটানিকৰ ধ্বংসাৱশেষ চাবলৈ ওলাইছে। ইয়াৰ উপৰিও আছে দুজন পাকিস্তানী ব্যৱসায়ী শ্বাহজাদা ডাউদ, তেওঁৰ পুত্ৰ চুলেইমান, অ’চেনগেটৰ চিইঅ’ ষ্টকটন ৰাছ আৰু ফ্ৰান্সৰ বিমানচালক পল হেনৰী নাৰ্জিঅ’লেট।