বৰফৰে আবৃত স্থানত প্ৰকৃতিৰ আপৰূপ সৌন্দর্য্য উপভোগ কৰিব বিচাৰে নেকি আপুনি ৷ তেতিয়াহ’লে আপোনাক হাত বাউল দি মাতিব কাশ্মীৰে ৷ সোমবাৰে নিশাৰে পৰা কাশ্মীৰৰ কেইবাটাও অঞ্চলত হৈছে হিমবাহ ৷ যাৰ ফলত শুভ্ৰ আচ্চাদনে ঢাকি পেলাইছে সমগ্ৰ কাশ্মীৰ ৷ প্ৰশাসনৰ সূত্ৰ অনুসৰি পাহেলগাঁও আৰু সোণমাৰ্গত বৰফ পৰিছে। কাশ্মীৰৰ নূন্যতম তাপমাত্ৰা ২ ডিগ্ৰী চেলছিয়াছলৈ হ্ৰাস পাইছে ৷
সোমবাৰে নিশা কাশ্মীৰৰ আকাশ পৰিষ্কাৰ হৈছিল। পহলগাঁৱৰ নূন্যতম তাপমাত্ৰা ৬.৭ ডিগ্ৰী ৷ শ্ৰীনগৰৰ তাপমাত্ৰা আছিল ৪.৮ ডিগ্ৰী চেলছিয়াছ। তাপমাত্ৰা হ্ৰাস পোৱাৰ বাবে কাশ্মীৰৰ কেইবাটাও স্থানত পানীৰ যোগান ক্ষতিগ্ৰস্ত হৈছে। ডাল হ্ৰদৰ পানী বৰফ হৈ পৰিছে। বৰ্তমান কাশ্মীৰত চলি আছে চিল্লা-ই-কালান। চিল্লা-ই-কালান ৪০ দিনলৈ থাকিব। এই সময়ত প্ৰতি বছৰে বৰফ পৰে। বিশেষকৈ ওখ অঞ্চলসমূহত বৰফে ঢাকি ধৰে । ২১ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা চিল্লা-ই-কালান ৩০ জানুৱাৰীলৈকে অব্যাহত থাকিব
বতৰ বিজ্ঞান বিভাগে ৩০ ডিচেম্বৰলৈ আকাশ ডাৱৰীয়া হৈ থাকিব বুলি প্ৰকাশ কৰিছে ৷ কাশ্মীৰৰ অধিক অংশত লঘুৰ পৰা মধ্যমীয়া বৰফ পৰিব বুলিও তেওঁলোকে জনাইছে ৷ ।