ক’ভিড ভেকচিনৰ তৃতীয় পালি অথবা সাৱধনতামূলক পালি ভেকচিন লোৱাৰ ক্ষেত্ৰত ৬০ বছৰ উর্ধৰ লোকসকলকৰ বাবে চিকিৎসকৰ প্ৰমাণপত্ৰ দাখিল কৰাৰ প্ৰয়োজনীয়তা নাই ৷ মঙলবাৰে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহলৈ প্ৰেৰণ কৰা এখন পত্ৰত এই কথা উল্লেখ কৰা হৈছে ৷
স্বাস্থ্য সচিব ৰাজেশ ভূষণে ৰাজ্যসমূহক পত্ৰৰ জৰিয়তে জনাইছে যে দেশত ৬০ বছৰ উর্ধৰ প্ৰায় ২.৭৫ কোটি লোক সাৱধানতামূলক পালি গ্ৰহণৰ বাবে যোগ্য। পত্ৰখনত ভুষণে কয় “সাৱধানতা পালি গ্ৰহণ কৰাৰ সময়ত ৬০ বছৰ বা তাতকৈ অধিক বয়সৰ ব্যক্তিসকলে চিকিৎসকৰ প্ৰমাণপত্ৰ দাখিল কৰাৰ প্ৰয়োজন নাই৷ এনে ব্যক্তিসকলে সাৱধানতা পালি গ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱাৰ পূর্বে তেওঁলোকে চিকিৎসকৰ পৰামৰ্শ ল’ব বুলি আশা কৰা হৈছে ৷”
ইপিনে,স্বাস্থ্য সচিব ৰাজেশ ভূষণে পূর্বে প্ৰকাশ কৰিছিল যে প্ৰায় ৭.৪০ কোটি কিশোৰ –কিশোৰী ক’ভিড ভেকচিন গ্ৰহণৰ বাবে যোগ্য ৷ জিলা বিষয়াসকলে ১৫-১৮ বছৰৰ ভিতৰত হিতাধিকাৰীসকলৰ টিকাকৰণৰ বাবে নির্দ্দিষ্ট স্থান চিনাক্ত কৰিব লাগে ৷ একেসময়তে ভূষণে পত্ৰ খনত বিশেষভাৱে উল্লেখ কৰে যে নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসমূহত নিৰ্বাচনী কৰ্তব্যত নিয়োজিত হ’বলগীয়া কৰ্মচাৰীসকলকো ফ্ৰণ্টলাইন কৰ্মীৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হ’ব আৰু তেওঁলোকক ক’ভিডৰ সাৱধানতামূলক পালিৰ বাবে যোগ্য হিচাপে বিবেচনা কৰা হ’ব ৷