কাজিৰঙাৰ পর্যটকসকলৰ চিনাকি হাতী লক্ষীমালাৰ আজি মৃত্যু ঘটিছে ।১৫ দিন পূৰ্বলৈ পৰ্যটকক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰোৱাত ব্যৱহৃত হৈছিল লক্ষীমালা। কিন্তু হঠাৎ অসুস্থ হৈ পৰে লক্ষীমালা নাম হাতীতো । লক্ষীমালাক চিকিৎসা প্ৰদান কৰা হয় যদিও হাতীতোৰ মৃত্যু ঘটে ৷
মৃত্যুৰ সময়ত হাতীটোৰ বয়স আছিল প্ৰায় ৬০ বছৰ ৷ লক্ষীমালা আছিল শান্ত-সমাহিত স্বভাৱৰ। নগাঁৱৰ তপন গোস্বামী নামৰ লোকজনৰ মালিকানাধীন আছিল লক্ষীমালা। বিগত ৭ বছৰৰ পৰা ক্ৰমাগতভাৱে বাগৰি বনাঞ্চলত হাতী চাফাৰীত নিয়োজিত আছিল লক্ষীমালা।
উল্লেখ্য যে বাগৰি বনাঞ্চলত শেহতীয়াকৈ হাতী চাফাৰীত প্ৰতিটো হাতীয়ে পুৱা প্ৰতিদিনে তিনিবাৰকৈ পৰ্যটকক চাফাৰী কৰায়। তিনিটা চাফাৰীত হাতী যথেষ্ট ভাগৰুৱা হৈ পৰে। কেৱল ইমানেই নহয় হাতীৰ ফিটনেচ প্ৰমাণৰ সম্পৰ্কতো এই হাতীজনীৰ মৃত্যুৰ পিছত প্ৰশ্নৰ অৱতাৰণা হৈছে।