বিগত কেইবাদিন ধৰি দুটাকৈ বন্যহস্তীয়ে দুমনিপাৰা গাঁৱখনত নিতৌ উপদ্ৰৱ চলাই আছে ৷ যোৱা নিশাও আন্ধাৰ হোৱাৰ লগে লগে বনাঞ্চলৰ পৰা ওলাই অহা হাতী দুটাই উপদ্ৰৱ চলালে দুমনিপাৰা গাঁৱত ৷ হাতীয়ে ভাঙিলে কেইবাটাও বাসগৃহ ৷ ধান-চাউল খাই তহিলং কৰাৰ লগতে ভাঙি চুৰমাৰ কৰিলে কল আৰু তামোল গছৰ বাগানও ৷ কেৱল সেয়াই নহয়, গৃহস্থই যোগাৰ কৰি থোঁৱা বিশ্বকৰ্মাৰ পূজা সামগ্ৰী সমূহো কৰিলে ক্ষতিগ্ৰস্ত ৷এই পৰিয়াল কেইটাৰ আজি ভগৱানক এখন শঁৰাই আগবঢ়াবলৈও নাই ঠাই ৷
ইফালে একেখন গাঁৱৰে আন এটা পৰিয়ালৰ এতিয়ালৈকে চাৰিবাৰকৈ ভাঙিলে ঘৰ ৷ এবাৰ দুবাৰ নহয়, চাৰিবাৰকৈ এটা পৰিয়ালৰে ঘৰ ভঙাৰ পিছতো পৰিয়ালটোয়ে লাভ নকৰিলে ক্ষতিপূৰণ ৷ শেহতীয়াকৈ উচ্চ ন্যায়ালয়ে গোৱালপাৰা জিলাত হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে টাস্ক ফৰ্চ গঠন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে যদিও আজিলৈকে এই টাস্ক ফৰ্চ গঠন নহ’ল আৰু প্ৰতিটো দিনেই হাতীৰে সংঘাত বৃদ্ধি পাবলৈ ধৰিছে জিলাখনৰ বিভিন্ন এলেকাত ৷