জনপ্ৰিয় ছছিয়েল মিডিয়া টুইটাৰ বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি এলন মাস্কে ক্ৰয় কৰাৰ পাছত কেতবোৰ সালসলনি কৰাৰ কথা ঘোষণা কৰিছে ৷ তাৎক্ষণিকভাৱে মাস্কে পৰিৱর্তন আনিছে ‘ব্লু টিক’ সম্বলিত টুইটাৰ একাউণ্টৰ ক্ষেত্ৰত ৷ এতিয়াৰে পৰা ‘ব্লূ টিক’যুক্ত একাউণ্টৰ বাবে ভৰিব লাগিব মাচুল ৷ এক টুইটযোগে মাস্কে সদৰী কৰা অনুসৰি এনে একাউণ্টৰ বাবে এতিয়াৰে পৰা মাহিলী ৮ ডলাৰ মাচুল আদায় দিব লাগিব ৷
কেইবাজনো প্ৰভাৱশালী ব্যক্তি আৰু চেলিব্ৰিটিয়ে ব্লু টিকযুক্ত একাউণ্টৰ বাবে মাচুল আদায় কৰাৰ ক্ষেত্ৰত নিৰাপত্তাজনিত উদ্বেগ প্ৰকাশ কৰি আহিছে ৷ এই ব্যক্তিসকলে আশংকা প্ৰকাশ কৰিছে যে এতিয়া যিকোনো ব্যক্তিয়ে কাৰোবাৰ নামত একাউণ্ট খুলি মাচুল আদায় দি পৰীক্ষন কৰিব কৰিব পাৰিব ৷
To all complainers, please continue complaining, but it will cost $8
— Elon Musk (@elonmusk) November 2, 2022
ব্লু টিকৰ বাবে মাচুল প্ৰৱৰ্তন কৰাটোৱেই হৈছে মাইক্ৰ’ব্লগিং চাইটটোৰ প্ৰথমটো ডাঙৰ পৰিৱৰ্তন ৷ দীঘলীয়া এক আইনী সংগ্ৰামৰ মাজেৰে অৱশেষত টুইটাৰ সম্পূর্ণৰূপে তেওঁ ক্ৰয় কৰিছিল ৷
মাস্কে প্ৰকাশ কৰা অনুসৰি নতুন পৰিকল্পনাই পৰীক্ষিত ব্যৱহাৰকাৰীসকলক আন কেইবাটাও বৈশিষ্ট্যপূর্ণ সেৱা প্ৰদান কৰিব ৷অৱশ্যে এই মাচুল দেশ অনুসাৰে অনুসৰি সালসলনি কৰা হ’ব। ইতিমধ্যে ইয়াৰ বাবে মাস্কে এটা বিশেষ পদ্ধতিৰে মাচুল নির্ধাৰণ কৰাৰ পৰিকল্পনা কৰা বুলি তেওঁ সদৰী কৰে ।