প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনিদিনীয়া আমেৰিকা ভ্ৰমণৰ আৰম্ভণিতে টুইটাৰৰ স্বত্বাধিকাৰী ইলন মাস্কৰ সৈতে বৈঠকত মিলিত হয়। নিউয়ৰ্কত অনুষ্ঠিত হোৱা এই বৈঠকৰ বিষয়ে কেন্দ্ৰই আনুষ্ঠানিকভাৱে একো ঘোষণা কৰা নাই যদিও এই প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইলন মাস্কে ৷ বৈঠকৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰি তেওঁ ভাৰতৰ ‘সম্ভাৱ্য’ আৰু প্ৰধানমন্ত্ৰীৰ ‘পদক্ষেপ’ক প্ৰশংসা কৰে। লগতে তেওঁ ‘মোদীৰ অনুৰাগী’ বুলিও কয়। মন কৰিবলগীয়া যে মাস্কে মাইক্ৰ’ ব্লগিং কোম্পানী টুইটাৰৰ মালিকীস্বত্ব লাভ কৰাৰ পিছত মোদীৰ সৈতে তেওঁৰ এইখন প্ৰথম সাক্ষাৎ।
টেছলাৰ চিইঅ’ তথা টুইটাৰৰ স্বত্বাধিকাৰী মাস্কে কয়, ‘প্ৰধানমন্ত্ৰীৰ সৈতে গুৰুত্বপূর্ণ বৈঠকত মিলিত হও । মই তেওঁক বহুত ভাল পাওঁ।” ২০১৫ চনত আমেৰিকা ভ্ৰমণৰ সময়ত মোদীয়ে কেলিফৰ্ণিয়াৰ টেছলা কাৰখানা পৰিদৰ্শন কৰিছিল। সেই কথা উল্লেখ কৰি মাস্কে কয়, “তেওঁ কেইবছৰমান আগতে আমাৰ কাৰখানালৈ আহিছিল। আমি ইজনে সিজনক কেইবাবছৰ ধৰি ভালদৰে জানো ৷” ভাৰতৰ সম্ভাৱনাৰ বিষয়ে কওঁতে টেছলাৰ মুৰব্বীগৰাকীয়ে কয়, ‘ভাৰতৰ ভৱিষ্যতক লৈ মই অতিশয় উৎসাহিত। মই ভাবো বিশ্বৰ যিকোনো ডাঙৰ দেশতকৈ ভাৰতৰ সম্ভাৱনা বেছি।”
গাড়ী নিৰ্মাতা কোম্পানী টেছলাই ভাৰতত বিনিয়োগ কৰিব পাৰে নেকি বুলি সোধাত তেওঁ কয়, ‘মই আশাবাদী যে টেছলা ভাৰতলৈ যাব। এই কাম অতি সোনকালে কৰা হ’ব।” পিছত ৱাল ষ্ট্ৰীট জাৰ্নেলক দিয়া এক সাক্ষাৎকাৰত মাস্কে কয় যে টেছলাই চলিত বৰ্ষৰ শেষৰ ফালে ভাৰতত গাড়ীৰ কাৰখানা নিৰ্মাণৰ বাবে উপযুক্ত স্থান বাছি ল’ব। ভাৰতত বিনিয়োগ কৰিবলৈ প্ৰয়োজনীয় আশ্বাস আৰু আত্মবিশ্বাস প্ৰদান কৰাৰ বাবে মোদীক প্ৰশংসা কৰি মাস্কে কয় যে তেওঁ (মোদীয়ে) ভাৰতৰ বাবে সঠিক কাম বিচাৰে। তেওঁ বিনিয়োগ সংস্থাসমূহক সহায় কৰিব বিচাৰে।
মঙলবাৰে আমেৰিকাৰ মাটিত অৱতৰণ কৰে মোদীৰ বিমান। মঙলবাৰে নিশা নিউয়ৰ্কত তেওঁ নোবেল বঁটা বিজয়ী, অৰ্থনীতিবিদ, শিল্পী, বিজ্ঞানী, উদ্যোগীকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিক সাক্ষাৎ কৰে। মাস্কৰ উপৰিও লেখক ৰবাৰ্ট থাৰ্মান আৰু পৰিসংখ্যাবিদ নিকোলাছ নাছিম তালেবক সাক্ষাৎ কৰে। বুধবাৰে নিউয়ৰ্কস্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে। অনুষ্ঠানত বিশিষ্ট ব্যক্তিসকলো উপস্থিত থাকিব।