ইন্ধনৰ মুল্যবৃদ্ধিক লৈ তীব্ৰ অস্থিৰতাৰ সৃ্ষ্টি হৈছে মধ্য এছিয়াৰ দেশ কাজাখাস্তানত ৷ তৰল পেট্ৰ’লিয়াম গেছ চমুকৈ এল পি জিৰ মুল্যবৃদ্ধিৰ পাছতে দেশখনৰ জনসাধাৰণে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে ৷ চৰকাৰৰ সিদ্ধান্তত ক্ষোভিত হৈ পৰা সাধাৰন লোকসকলে প্ৰতিবাদৰ সময়তে হিংসাত্মক ঘটনাত লিপ্ত হয় ৷ প্ৰতিবাদীৰ আক্ৰমনত ৮জন দেশখনৰ আৰক্ষীৰ লোক নিহত হোৱাৰ লগতে বহুসংখ্যক লোক আঘাতপ্ৰাপ্ত হৈছে ৷ প্ৰতিবাদকাৰীসকলে বাহনত অগ্নিসংযোগ কৰাৰ লগতে চৰকাৰী কার্যালয়ৰ ভৱনসমূহৰো ব্যাপক ক্ষতিসাধন কৰিছে ৷ প্ৰতিবাদী কার্যসুচীৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দেশখনত বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট ৷ লগতে ৰাষ্ট্ৰপতিয়ে দেশখনত ঘোষণা কৰা হৈছে জৰুৰীকালীন অৱস্থা ৷
দেশখনে এল পি জিৰ বাবে ইলেক্ট্ৰনিক বাণিজ্য প্ৰক্ৰিয়া আৰম্ভ কৰি ৰাজসাহায্য বন্ধ কৰি দিয়াৰ পাছতে ইন্ধনৰ মূল্য বৃদ্ধি পায় ৷ চৰকাৰৰ এই সিদ্ধান্তত জনসাধাৰনৰ মাজত তীব্ৰ প্ৰিতিক্ৰিয়াৰ সৃষ্টি হয় আৰু লোকসকলে প্ৰতিবাদ কৰিবলৈ ওলাই আহে ৷ এইক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিছে যদিও প্ৰতিবাদকাৰীসকলে অব্যাহত ৰাখিছে প্ৰতিবাদী কার্যসুচী ৷ চৰকাৰে লোৱা সিদ্ধান্তৰ পাছতে দেশখনত ইন্ধনৰ মূল্য দুগুনলৈ বৃদ্ধি পাই ১২০ টেঞ্জ হৈছিল ৷ তেলৰ বাবে বিখ্যাত কাজাখাস্তানৰ পশ্চিম ভাগত প্ৰথমে এই প্ৰতিবাদী কার্যসূচীৰ আৰম্ভ হয় যদিও পৰৱর্তী সময়ত দেশখনৰ প্ৰতিটো প্ৰান্তত বিয়পে পৰে বিক্ষোভ ৷