এক বৃহৎ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল বায়ুসেনাৰ এখন হেলিকপ্টাৰ। হেলিকপ্টাৰখনৰ যাত্ৰীসকলৰ কোনো ক্ষতি হোৱা নাই। সোমবাৰে পুৱা যান্ত্ৰিক বিজুতিৰ বাবে বায়ুসেনাৰ এখন হেলিকপ্টাৰ আকাশৰ মাজত হঠাতে বিকল হৈ পৰে। জৰুৰীকালীনভাৱে মধ্যপ্ৰদেশৰ ভিন্দত অৱতৰণ কৰা হয়। বিমানখনৰ প্ৰযুক্তি পৰীক্ষণৰ পিছত হেলিকপ্টাৰখন পুনৰ গন্তব্যস্থানৰ ফালে উৰা মাৰে ৷
ভাৰতীয় বায়ুসেনাৰ তথ্য অনুসৰি বায়ুসেনাৰ বিষয়াসকলে আপাচি এ এইচ-৬৪ হেলিকপ্টাৰেৰে দৈনিক অনুশীলনৰ বাবে ওলাই গৈছিল। সম্ভাৱ্য পাইলটসকলক প্ৰশিক্ষণ দিয়া হৈছিল। সেই সময়ত পাইলটে হঠাৎ হেলিকপ্টাৰখনত যান্ত্ৰিক বিসংগতি লক্ষ্য কৰে ৷ লগে লগে জৰুৰী অৱতৰণ কৰাৰ সিদ্ধান্ত ল’লে। পাইলটৰ উপস্থিতি বুদ্ধিৰ শলাগ লৈ বায়ুসেনাই কয় যে এক বৃহৎ বিপদৰ পৰা বায়ুসেনা ৰক্ষা পৰিছে ৷
পিছত বায়ুসেনাৰ এটা টুইটত হেলিকপ্টাৰখনৰ ভিতৰত থকা সকলো জোৱান নিৰাপদ বুলি জানিব পৰা গৈছে। আপাচি যুদ্ধ বিমান বিশ্বৰ আটাইতকৈ উন্নত যুদ্ধ বিমানৰ এখন ৷ ২০২০ চনত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে বয়িং কোম্পানীৰ সৈতে আৰু ৬খন আপাচি হেলিকপ্টাৰ বায়ুসেনাত অন্তৰ্ভুক্ত কৰাৰ বাবে চুক্তিবদ্ধ হয়।