VOICE 24x7
Thursday, May 8, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বিশিষ্ট শিক্ষাবিদ-সাংবাদিক- সাহিত্যিক ড° সাৰদানন্দ দেৱ গোস্বামীৰ পৰলোক

ঋতু পৰ্ণ শৰ্মা by ঋতু পৰ্ণ শৰ্মা
July 11, 2023
in মুখ্য সংবাদ
বিশিষ্ট শিক্ষাবিদ-সাংবাদিক- সাহিত্যিক ড° সাৰদানন্দ দেৱ গোস্বামীৰ পৰলোক
0
SHARES
23
VIEWS
Share on FacebookShare on Twitter

ঋতু পৰ্ণ শৰ্মা,নগাঁও,১১জুলাই:–নগাঁও জিলাৰ নৰোৱা বালিসত্ৰ উকা কৰি গুছি গ’ল বিশিষ্ট সাংবাদিক,সাহিত্যিক, গল্পকাৰ,ঔপন্যাসিক,ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° সাৰদানন্দ দেৱ গোস্বামীয়ে ৷ সোমবাৰে সন্ধিয়া হোজাইৰ হাম চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে । উল্লেখ্য যে ১৯৪৩ চনত নগাঁও জিলাৰ বটদ্ৰৱাৰ শ্ৰীশ্ৰী নৰোৱা বালিসত্ৰত জন্মগ্ৰহণ কৰা সাহিত্যিকগৰাকীয়ে পৰৱৰ্তী সময়ত হোজাইত নিগাজিকৈ থাকিবলৈ লয় ৷ পিতৃ শিবেন্দ্ৰ নাৰায়ণ দেৱগোস্বামী আৰু মাতৃ উষা দেৱী গোস্বামীৰ পুত্ৰ ড° সাৰদানন্দ দেৱ গোস্বামীয়ে ১৯৫৯ চনত নগাঁও চৰকাৰী হাইস্কুলৰ পৰা মেট্ৰিক,১৯৬১ চনত উত্তৰ লক্ষীমপুৰ কলেজৰ পৰা আই এ, ১৯৬৪ চনত নগাঁও কলেজৰ পৰা কলা শাখাত স্নাতক আৰু পৰৱৰ্তী ১৯৬৯ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিছিল । “নাট্যকাৰ লক্ষ্মীদেৱঃ জীৱন আৰু সাহিত্য কৃতি–এটি সমীক্ষাত্মক অধ্যয়ন” বিষয়ত গৱেষণা কৰি দেৱ গোস্বামীয়ে ২০০২ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পিএইচডি ডিগ্ৰী গ্ৰহণ কৰে ৷ ১৯৭১ চনত হোজাই কলেজত অসমীয়া বিভাগৰ অধ্যাপকৰূপে চাকৰি জীৱন আৰম্ভ কৰা ড° সাৰদানন্দ দেৱ গোস্বামীয়ে ২০০২ চনৰ ১মে’ত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে ৷ অৱসৰৰ পিছতো শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত নিয়োজিত আছিল ড° দেৱগোস্বামী ৷ হোজাইৰ এৰিয়ান কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ ৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল । গৱেষক-সাহিত্যিক গৰাকীয়ে নিজৰ জীৱনকালত বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা আয়োজিত বিভিন্ন কর্মশালা, ছেমিনাৰ আদিত সমল ব্যক্তিৰূপে অংশগ্রহণ কৰিছিল । অধ্যাপনাৰ সমানে সাহিত্যৰ জগতখনত তেখেতে অৱদান আগবঢ়াই থৈ গৈছে ৷ অসমীয়া সাহিত্যত “ৰয়নী বিদূৰ”,”নিশি শয়নে গোৱাই”,”পবন বৈৰাগী”,”দিবসে আন্ধাৰি”,”উত্তল”,”সৰত্নি”,”পৰাণ নিগৰে” আদি উল্লেখযোগ্য উপন্যাস ৷ তেখেতে ৰচনা কৰা কিশোৰ উপন্যাস–“তিমিৰ ফাৰিয়া”,”বিছোড়ি ৰহয়ে নপায়”,গল্প সংকলন–“অযান্ত্রিক”, “দাগ আৰু অন্যান্য”,”সাময়িক প্ৰসংগ”,”গ্রহণ মুক্তি”,কবিতা সংকলন–“আহৰি পৰৰ পদ্য”,”জৱনী সংগ্রহ নৱনিধি” গৱেষণাধৰ্মী গ্ৰন্থ–“নাট্যকাৰ লক্ষ্মীদেৱঃ জীৱন আৰু কৃতি”,”ঐতিহাসিক পটভূমিত হোজাই”,”উপনিষদৰ পৰিচয় আৰু কাহিনী”,”বিবিধা”,”নির্বাচিত প্রবন্ধ”,”নিবন্ধ চয়ন” আদি । তদুপৰি তেখেতে ভালেমান আলোচনী, স্মৃতিগ্ৰন্থ সম্পাদনা কৰিছে ৷ সম্পাদিত গ্রন্থ হৈছে–“কীৰ্ত্তির্যস্য”,”অপ্রমেয়”,”চন্দ্ৰজ্যোতি”,”শংকৰদেৱ পৰা শিবেন্দ্ৰদেৱলৈ” উল্লেখযোগ্য ৷ আকাশবাণী গুৱাহাটী কেন্দ্রৰ ‘সাহিত্য চ’ৰা’ অনুষ্ঠানতো ড° সাৰদানন্দ দেৱগোস্বামীৰ চুটি গল্প প্রবন্ধ,ৰসৰচনা আদি সম্প্ৰচাৰিত হৈছে ৷ বৰ্তমানলৈ ছশতকৈয়ো অধিক গল্প,বিবিধ বিষয়ৰ ইংৰাজী আৰু অসমীয়াত লিখা প্ৰবন্ধ,ৰসৰচনা আদি কাকত-আলোচনীত প্রকাশ হোৱাৰ উপৰিও”অসমীয়া বিশ্বকোষ”তো তেখেতৰ প্রবন্ধ সন্নিবিষ্ট হৈছে । অসমৰ সত্ৰৰ পটভূমিত ৰচিত প্ৰথম অসমীয়া উপন্যাস (প্রকাশ-১৯৭১)”নিশি শয়নে গোৱাই”ৰ বাবে মৰ্কজুল মা আৰিফৰ দ্বাৰা “জ্ঞান মালিনী বঁটা”(১৯৮৬ চন),২০০৮ চনত অসম চৰকাৰৰ দ্বাৰা সাহিত্য বঁটা লাভ লাভ কৰে । ২০১৬ চনত তেখেতলৈ অসম চৰকাৰে সাহিত্যিক পেঞ্চন সন্মান আগবঢ়ায় ৷ তদুপৰি ২০১৮ চনত নগাঁও জিলা সাহিত্য সভাৰ দ্বাৰা ড° সূর্যকুমাৰ ভূঞা বঁটা,২০১৮ চনত ‘চাচ’ৰ জীৱনজোৰা সাহিত্য বঁটা লাভ কৰে ৷ হোজাই মহকুমাত ১৯৭১ চনৰ পৰা ২০০৪ চনলৈকে বিভিন্ন কাকতত সাংবাদিক হিচাপে নিয়োজিত হৈ সংবাদ সেৱাও আগবঢ়াইছিল। লগতে ১৯৯৬ চনৰ পৰা ১৯৯৯ চনলৈ হোজাই প্ৰেছ ক্লাবৰ সভাপতি,২০০৯ চনৰ পৰা ২০১৬ লৈ হোজাই কলেজৰ পৰিচালনা সমিতিৰ সভাপতি, ১৯৮৭ চনৰ পৰা ১৯৯০ চনলৈ হোজাই সাহিত্য সভাৰ সভাপতি, ১৯৯১ চনৰ পৰা ১৯৯৫ চনলৈ নগাঁৱৰ নৰোৱা বালিসত্ৰ পৰিচালনা সমিতিৰ সভাপতি,২০১৮ চনৰ পৰা ২০২০ চনলৈ হোজাই জিলা সাহিত্য সভাৰ সভাপতি পদত অধিষ্ঠিত আছিল ৷ এই বৰ্ণিল কৰ্মৰাজীৰ বাবে হোজাইৰ শ্রীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্রই ২০২২-২৩ বৰ্ষৰ বাবে “ডেকাগিৰি বঁটা” আগবঢ়ায় । বৰেণ্য ব্যক্তিৰ বিয়োগত হোজাইত গভীৰ শোকৰ ছাঁ পৰিছে । তেখেতৰ মৃত্যুত গভীৰ হোজাই মৰ্কজুল মাৰিফৰ সভাপতি চামচুল হক চৌধুৰী, শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰৰ সম্পাদক গজেন হাজৰিকা,অসম কবি চক্ৰৰ সভাপতি ডঃ হাছিনুচ চুলতান, আজমল ফাউণ্ডেছনৰ সঞ্চালক খছৰুল ইছলাম,যমুনাপৰীয়া শাখা সাহিত্য সভা,হোজাই জিলা সাহিত্য সভা,হোজাই প্ৰেছ ক্লাৱ,যমুনাভেলী প্ৰেছ ক্লাৱ,অসম আবৃত্তি পৰিষদ, হোজাই জিলা সমিতিৰ সভাপতি অচ্যুত ঠাকুৰীয়া,সম্পাদক ৰূপা বৰা দাসকে ধৰি বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰিছে । ৮০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰা ড° সাৰদানন্দ দেৱ গোস্বামীয়ে মৃত্যুৰ সময়ত পত্নীৰ উপৰি দুই পুত্ৰসহ নাতিনীক ইহ সংসাৰত এৰি থৈ যায় । উল্লেখ্য যে ড° দেৱ গোস্বামী হোজাই চহৰৰ বিষ্ণুপল্লীৰ স্থায়ী বাসিন্দা আছিল ।

Previous Post

পথ দুৰ্ঘটনা ৰোধৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ তৎপৰতা

Next Post

উত্তৰ ভাৰতত জলপ্ৰলয় ৩৭ জনৰ মৃত্যু! যমুনাৰ জলপৃষ্ঠই অতিক্ৰম কৰিছে বিপদসীমা

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
উত্তৰ ভাৰতত জলপ্ৰলয়  ৩৭ জনৰ মৃত্যু!  যমুনাৰ জলপৃষ্ঠই অতিক্ৰম কৰিছে বিপদসীমা

উত্তৰ ভাৰতত জলপ্ৰলয় ৩৭ জনৰ মৃত্যু! যমুনাৰ জলপৃষ্ঠই অতিক্ৰম কৰিছে বিপদসীমা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7