VOICE 24x7
Wednesday, May 7, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

পুৰণি পেঞ্চন ব্যৱস্থা বাহাল ৰখাৰ দাবীত কর্মচাৰীৰ ৰাজ্যজুৰি কর্মবিৰতি

voicedesk by voicedesk
February 10, 2023
in মুখ্য সংবাদ
পুৰণি পেঞ্চন ব্যৱস্থা বাহাল ৰখাৰ দাবীত কর্মচাৰীৰ ৰাজ্যজুৰি কর্মবিৰতি
0
SHARES
27
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ দেশৰ লগতে অসমতো চৰকাৰী কৰ্মচাৰী সমাজৰ বাৰ্ধক্য সুৰক্ষাৰ স্বাৰ্থত পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰতিষ্ঠাৰ দাবীত শিক্ষক- কৰ্মচাৰী- শ্ৰমিক সমাজে অবিৰত সংগ্ৰাম চলাই আহিছে ৷ বিগত দিনত কেবালানি আন্দোলনৰ পাছতো চৰকাৰৰ পৰা কোনো আশাব্যঞ্জক সহাঁৰি নোপোৱাৰ বাবে আকৌ প্ৰতিবাদী আন্দোলনত নামিছে চৰকাৰৰ মুল চালিকাশক্তি শিক্ষক-কৰ্মচাৰী সমাজ ৷ আজি সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সংস্থাৰ আহ্বানত ৰাজ্য চৰকাৰৰ শিক্ষক-কৰ্মচাৰী-শ্ৰমিক সমাজে  “কৰ্মবিৰতি” কাৰ্যসূচী পালন কৰি ৰাজ্যত এন পি এছ আঁচনিৰ বিলুপ্তি আৰু পুৰণি পেঞ্চন ব্যৱস্থাৰে সকলো শ্ৰেণীৰ শিক্ষক-কৰ্মচাৰী সমাজৰ বাৰ্ধক্য সুৰক্ষিত কৰাৰ বাবে দাবী জনায় ৷ আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এই প্ৰেছ বিবৃতিত সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সংস্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকা আৰু সাধাৰণ সম্পাদক অপূৰ্ব শৰ্মাই কয় যে যোৱা সময় চোৱাত অসমৰ শিক্ষক-কৰ্মচাৰী সমাজে বাৰে বাৰে ৰাজ্য চৰকাৰক নিজৰ ভবিষ্যতৰ শংকা নিৰ্মূলৰ বাবে দাবী জনাই অহাৰ পিছতো অসম চৰকাৰ নিবাক হৈ আছে। এক কথাত অসম চৰকাৰৰ হেমাহিৰ বাবেই আজি অসমৰ কৰ্মচাৰী সমাজে সংগ্ৰাম তীব্ৰতৰ কৰিবলৈ বাধ্য হৈছে ৷ অসমৰ কৰ্মচাৰী সমাজৰ সুৰক্ষাৰ ক্ষেত্ৰত আমি কোনোদিনে আপোচ নকৰো আৰু এই সমস্যাৰ সমাধানৰ বাবে অনাগত দিনত আন্দোলনৰ কাৰ্যসূচী আৰু অধিক তীব্ৰতৰ কৰি তোলাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো আৰু তাৰবাবে অনাগত সময়ত যদিহে অসমৰ সাধাৰণ জনতা অসুবিধাৰ সন্মুখীন হয় তাৰ বাবে অসমৰ কৰ্মচাৰী সমাজক জগৰীয়া কৰিব নোৱাৰিব বুলি জনাই সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সংস্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকা আৰু সাধাৰণ সম্পাদক অপূৰ্ব শৰ্মাই ৷

 

এনপিএছ ব্যৱস্থাই ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী সমাজক বাৰুকৈয়ে শংকিত কৰি তুলিছে ৷ কিয়নো ইতিমধ্যে এনপিএছৰ অধীনত অৱসৰ গ্ৰহণ কৰা প্ৰায় ৯৫০০ শিক্ষক-কৰ্মচাৰীৰ জীৱনলৈ চৰম সংকট নামি আহিছে ৷ সুদীৰ্ঘকাল ৰাইজৰ সেৱা কৰি অৱসৰ লোৱা এইসকল শিক্ষক-কৰ্মচাৰীয়ে বাৰ্ধক্যৰ সময়চোৱাত পেঞ্চন হিচাপে মাহিলি মাত্ৰ ৫০০ টকাৰ পৰা ২৫০০ টকালৈহে লাভ কৰি আছে ৷ এনে এক ভয়াবহ দিনৰ কথা ভাৱিয়েই ত্ৰাসিত কৰ্মচাৰী সমাজে একত্ৰে জনোৱা পুৰণি পেঞ্চন পুন:প্ৰতিষ্ঠাৰ দাবীক আন অনুৰোধৰ দৰে ডাস্তবিনত পেলাই কৰ্মচাৰী সমাজৰ পৰা ১০০% কাম, দক্ষতা আশা কৰিব নোৱাৰে ৷ আজি সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাৰ আহ্বানত আৰু ৰাজ্যৰ ৬০ ৰো অধিক প্ৰতিষ্ঠিত শিক্ষক-কৰ্মচাৰী সংস্থাৰ সহযোগত অসমৰ লাখ লাখ শিক্ষক-বিষয়া-কৰ্মচাৰী-আৰক্ষীয়ে প্ৰদৰ্শন কৰা সৰ্বাত্মক কৰ্মবিৰতিৰ প্ৰতি চৰকাৰৰ ইতিবাচক সঁহাৰি আগন্তুক সময়ত কৰ্মচাৰী সমাজ, চৰকাৰ আৰু অসমৰ জনতাৰ বাবে অতি গুৰুত্বপূৰ্ণ বিবেচিত হ’ব ৷ এনপিএছ বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবীত আজি আহ্বান কৰা অসমৰ চৰকাৰী কৰ্মচাৰী সকলে কৰ্মবিৰতি পালন কৰা বাবে সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সন্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকা আৰু সাধাৰণ সম্পাদক  অপূৰ্ব শৰ্মাই শিক্ষক-কৰ্মচাৰী-শ্ৰমিক সমাজক ধন্যবাদ জ্ঞাপন কৰে ৷

 

লগতে আজি “কৰ্মবিৰতি” লৈ পূৰ্ণ সহযোগিতা প্ৰদান কৰা সংস্থা/ সংঘৰ অন্যতম সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থা, অসম কলেজ শিক্ষক সংস্থা, সদৌ অসম অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সংস্থা, অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী, ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্মী সন্থা, জইন্ট কাউন্সিল অৱ ট্ৰেড ইউনিয়নচ্ (CITU), সদৌ অসম বিশ্ববিদ্যালয় কৰ্মী মহাসংঘৰ অধীনৰ সকলো সংস্থা/ সংঘ, অসম ৰাজ্যিক কৰ্মচাৰী ফেদাৰেচন, সদৌ অসম চেকেণ্ডেৰী স্নাতক শিক্ষক সন্থা,  সদৌ অসম আমোলা সন্থা, অসম ৰাজ্যিক শিক্ষক-কৰ্মচাৰী সংস্হা (২০১৩ প্ৰাদেশীকৃত), নৱ প্ৰাদেশিকীকৃত প্ৰাথমিক (নিম্ন+উচ্চ) শিক্ষক সংস্থা অসম, সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থা, Confederation of Central Govt. Employees, Assam ৰ অধীনৰ সকলো সংস্থা/ সংঘ, Assam Electricity Employees Movement for OPS, সদৌ অসম DIET বিষয়া সন্থা, আদিলৈ আন্তৰিক কৃতজ্ঞতা জনাইছে ৷

Previous Post

জম্মু আৰু কাশ্মীৰত প্ৰথমবাৰৰ বাবে লিথিয়াম সংৰক্ষণ পোৱা গৈছে

Next Post

দীপিকাৰ সৈতে বিজ্ঞাপনত শ্বাহৰুখে পিন্ধিলে ৪.৯৮ কোটি টকাৰ ঘড়ী , অনুৰাগীৰ মাজত আৰম্ভ চর্চা

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
দীপিকাৰ সৈতে বিজ্ঞাপনত শ্বাহৰুখে পিন্ধিলে  ৪.৯৮ কোটি টকাৰ ঘড়ী , অনুৰাগীৰ মাজত আৰম্ভ চর্চা

দীপিকাৰ সৈতে বিজ্ঞাপনত শ্বাহৰুখে পিন্ধিলে ৪.৯৮ কোটি টকাৰ ঘড়ী , অনুৰাগীৰ মাজত আৰম্ভ চর্চা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7