ৰাজ্যত সংঘটিত হৈ আহিছে এনকাউণ্টাৰৰ ঘটনা ৷ অপৰাধৰ লগত জড়িত বিভিন্ন লোকক ভিন্ন কাৰণত আৰক্ষীয়ে এনকাউণ্টাৰ কৰি আহিছে ৷ এইবাৰ দেৰগাঁৱত আৰক্ষীৰ গুলীত নিহত হ’ল গভাইত চোৰ ৷ নিহত লোকজন লাগান চাহানী বুলি জানিব পৰা গৈছে ৷
উল্লেখ্য যে কিছুদিন ধৰি দেৰগাঁৱত ধাৰাবাহিক চুৰিকাণ্ড সংঘটিত হৈ আহিছিল। আৰক্ষীৰ চকুত ধূলি মাৰি নিতৌ অঞ্চলটোত সংঘটিত হৈ আহিছে দেওবাৰে দিনৰ ভাগত লাগান চাহানী নামৰ গভাইত চোৰটো আৰক্ষীৰ জালত পৰে। নিশা লাগান চাহানীক লগত লৈ আৰক্ষীয়ে চুৰি কৰা সামগ্ৰী উদ্ধাৰৰ বাবে অভিযান চলাইছিল। কিন্তু চুৰি সামগ্ৰীৰ মাজত লুকুৱাই ৰখা পিষ্টলেৰে লাগানে আৰক্ষীলৈ বুলি গুলীচালনা কৰে। ইয়াৰ প্ৰত্যুত্তৰত আৰক্ষীয়ে গুলী চলায় । আৰক্ষীৰ গুলীত নিহত হয় লাগান ৷
উল্লেখ্য যে, আৰক্ষীয়ে ৭.৬৫ এমএমপিষ্টল, এটা মেগজিন আৰু দুই জাঁই গুলীসহ নগদ ৫০ লাখ টকা উদ্ধাৰ কৰে। ইয়াৰোপৰিও, আৰক্ষীয়ে এখন মটৰ চাইকেলো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। চুৰি কার্যৰ সৈতে জড়িত থকাৰ অভিযোগত কেইববাৰো গ্ৰেপ্জতাৰ হৈছিল লাগান ৷