চৰাইদেউ জিলাৰ সোণাৰিত আৰক্ষীৰ গুলীত আহত সুৰজ গগৈ নামৰ এজন লোক ৷ সুৰজৰ ঘৰ শিৱসাগৰ জিলাৰ বেতবাৰী তামূলী বজাৰ চাংমাই গাঁৱত ৷ আলফা (স্বা)ত ভৰ্তি হোৱা অভিযানত জড়িত থকাৰ সন্দেহত বৃহস্পতিবাৰে সুৰজক আটক কৰিছিল সোণাৰি আৰক্ষীয়ে ৷ আছাম ৰাইফল্ছ আৰু আৰক্ষীৰ অভিযানত সোণাৰিৰ চেনী গুদাম অঞ্চলৰ পৰা আটক কৰা হৈছিল সুৰজক ৷
আনহাতে নিশা ৰজাপুখুৰী স্থিত চৰাইদেউ অসামৰিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰি ঘূৰি যোৱাৰ সময়তে আন্ধাৰৰ সুযোগ লৈ আৰক্ষীৰ বেষ্টনীৰ পৰা পলাবলৈ চেষ্টা কৰা সুৰজক গুলী কৰিবলৈ বাধ্য হয় আৰক্ষী ৷ জানিব পৰা মতে আৰক্ষীয়ে সুৰজক লক্ষ কৰি তিনি জাঁই গুলী কৰে আৰু ধৃত সুৰজৰ বাওঁভৰিত গুলী লাগে ৷
আৰক্ষীয়ে জানিবলৈ দিয়া মতে গুলীবিদ্ধ সুৰজক নিশাই ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় ৷