কালি টি ২০ বিশ্বকাপত পাকিস্তানে ভাৰতক ১০ উইকেটত পৰাস্ত কৰি অভিলেখ ৰচনা কৰে। আনহাতে শোচনীয়ভাৱে পৰাজয় বৰণ কৰা ভাৰতীয় ক্ৰিকেট দলটোৱে তীৰ্যক সমালোচনাৰ সন্মুখীন হয়। বিৰাট কোহলীক অধিনায়কত্ব ত্যাগ কৰিবলৈ নিৰ্দেশ দি টুইটাৰত এক জোৱাৰৰ সৃষ্টি হয়।
খেল এখনত এটা দল জিকিলে অন্য এটা দল হৰা স্বাভাৱিক কথা। যাৰ প্ৰদৰ্শন উন্নত হ’ব তেওঁ জয়ী হ’বই। কিন্তু ভাৰত পাকিস্তানৰ খেলৰ ক্ষেত্ৰত পৰিৱেশ কিছু সুকীয়া দেখা যায়। খেলখন উপভোগ কৰাতকৈ জয় পৰাজয়ত অধিক গুৰুত্ব দিয়া হয়। কিছু কিছু ক্ষেত্ৰত দৰ্শকৰ কেৱল আক্ৰোশ প্ৰকাশ পোৱা দেখা যায়। বহুতো লোকে খেলখনক ভাৰত পাকিস্তানৰ যুদ্ধ বুলি গণ্য কৰে।
তেনে সময়তে কিন্তু কালিৰ খেল পথাৰত দুই পক্ষৰ খেলুৱৈসকলৰ মাজত খেলৰ শেষত এক সুন্দৰ দৃশ্য সকলোৰে চকুত পৰিছিল। ভাৰতৰ অধিনায়ক বিৰাট কোহলিক সাবটি পাকিস্তানৰ ক্ৰিকেটাৰসকলে শুভকামনা গ্ৰহণ কৰিছিল। ভাৰতীয় অধিনায়কজনৰ মুখতো কোনো ধৰণৰ মানসিক চাপ দেখা পোৱা নগৈছিল বৰঞ্চ যুৱ খেলুৱৈ কেইজনৰ প্ৰদৰ্শনত উচ্চ প্ৰশংসা কৰাহে দৰ্শকৰ চকুত পৰিছিল।
আনহাতে পাকিস্তানৰ দলটোৱে ভাৰতীয় দলৰ পৰামৰ্শদাতা হিচাপে অংশীদাৰ হোৱা মহেন্দ্ৰ সিং ধোনীৰ সৈতে খেল পথাৰত বন্ধুত্ব সুলভ আলোচনাত মিলিত হোৱা দেখা যায়। বাবৰ আজম, মহম্মদ ৰেজৱানৰ দৰে যুৱ খেলুৱৈৰ বাবে বিশ্বৰ অন্যতম শক্তিশালী খেলুৱৈ মহেন্দ্ৰ সিং ধোনী, বিৰাট কোহলীৰ অনুৰাগী হোৱাটো স্বাভাৱিক কথা।
সীমা সন্ত্ৰাসৰ বাবে ভাৰত পাকিস্তানৰ যি ৰাজনৈতিক শত্ৰুতা স্বাধীনতাৰ পিছৰ পৰা চলি আহিছে সেই শত্ৰুতা খেলুৱৈৰ সকলৰ মাজত ফুটি উঠা দেখিবলৈ পোৱা নগ’ল। বৰঞ্চ দীৰ্ঘ দিনৰ বিৰতিত লগ হোৱা দুই পক্ষৰ মাজৰ প্ৰীতিৰ এনাজৰীডাল শক্তিশালী বুলিহে পুনৰ এবাৰ প্ৰমাণ হ’ল। ভাৰত পাকিস্তানৰ খেলখনক যুদ্ধ হিচাপে চাবলৈ ধৰা দৰ্শকসকলে খেল পথাৰৰ এই ছবিখন মনত ৰখা উচিত।
সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বিপৰীতে এসময়ত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে দিল্লীৰ পৰা লাহোৰলৈ বাছ চলাই দুই পক্ষৰ মাজত বহুদিনলৈ এক শান্তিৰ যুগ সূত্ৰ স্থাপন কৰিবলৈ সক্ষম হৈছিল।
অনাগত সময়ত ভাৰত পাকিস্তানৰ সম্পৰ্কই কেনে ৰূপ ল’ব সেয়া সময়ে ক’ব। কিন্তু ৰাজনৈতিক শত্ৰুতা পৰিহাৰ কৰি সাধাৰণ লোকসকলে সুক্ষ্ম ভাৱে পৰ্যবেক্ষণ কৰি বিচাৰ কৰা উচিত। পাকিস্তান ক্ৰিকেটাৰ চৈয়দ মালিকে আমাৰ দেশৰ টেনিছ তাৰকা চানিয়া মিৰ্জাৰ পাণি গ্ৰহণ কৰিছে। দুয়োজনে নিজ নিজ দেশৰ বাবে খেল খেলে। এইটোও এক সফল উদাহৰণ হিচাপে আমি ল’ব পাৰোঁ।
ৰাজনৈতিক শত্ৰুতা একাষৰীয়া কৰিলে দুই দেশৰ সাধাৰণ জনতাৰ মনত ভাৰত পাকিস্তানৰ সম্পৰ্ক বজৰংগী ভাইজানত দেখুৱাৰ দৰে পৰিৱেশ নিশ্চয় গঢ় লৈ উঠিব।