বেংগালুৰুত আঠমহলীয়া বিল্ডিঙৰ পৰা পৰি প্ৰাণ হেৰুৱালে এজন অসমীয়া যুৱকে ৷ বেংগালুৰুত এটা প্ৰতিষ্ঠানত কৰ্মৰত আছিল অসমৰ যুৱক অভিযন্তা ত্ৰিদীপ কোঁৱৰ ৷ মৃত্যুৰ এদিনৰ পূৰ্বে পদোন্নতি লাভ কৰিছিল ত্ৰিদীপে ৷ সেয়েহে ঈৰ্ষাত কোনো সহকৰ্মীয়ে ত্ৰিদীপক পৰিকল্পিত ভাৱে হত্যা কৰা বুলি সন্দেহ কৰিছে তেওঁৰ পৰিয়ালৰ লোকে ৷
নাৰায়ণপুৰৰ অশোক গাঁৱৰ নিবাসী প্ৰফুল্ল কোঁৱৰৰ একমাত্ৰ পুত্ৰ ত্ৰিদীপৰ মৃতদেহ যোৱানিশা ঘৰলৈ অনাৰ পিছতে শোকত ভাগি পৰে পৰিয়ালৰ লগতে সমগ্ৰ গাঁওবাসী ৷ সকলোৱে দাবী কৰিছে যে অভিযন্তা ত্ৰিদীপৰ মৃত্যুৰ উচিত বিচাৰ হওঁক আৰু কঠোৰ শাস্তি পাওঁক হত্যাকাৰীয়ে ৷