ইউৰোপীয় সংঘ (ইউ) চীনৰ সৈতে বাণিজ্যৰ ক্ষেত্ৰত ক্ৰমান্বয়ে সক্ৰিয় হৈ পৰিছে। নতুন দিল্লীয়ে ইয়াৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে। কূটনৈতিক শিবিৰৰ মতে চীনৰ সৈতে ইউৰোপৰ শক্তিশালী দেশসমূহৰ মাজত বাণিজ্য চুক্তি বৃদ্ধি হ’লে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত ভাৰতৰ ভূমিকা বহু পৰিমাণে দুৰ্বল হ’ব পাৰে।
ইউৰোপীয় নেতাসকলে সঘনাই বেইজিং ভ্ৰমণ কৰা বিষয়টো গুৰুত্ব সহকাৰে বিবেচনা কৰিছে ভাৰতে ৷ জাৰ্মানীৰ চ্যান্সেলৰ অলাফ শ্বোলজে নৱেম্বৰ মাহত চীন ভ্ৰমণ কৰিছিল। ডিচেম্বৰ মাহত ইউৰোপীয় পৰিষদৰ মুৰব্বী চাৰ্লছ মিচেলে চীন ভ্ৰমণ কৰিছিল। এই সপ্তাহত চীন ভ্ৰমণলৈ যাব স্পেইনৰ প্ৰধানমন্ত্ৰী পাবলো ছানচেজ। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন আৰু ইউৰোপীয় আয়োগৰ সভাপতি উৰ্চুলা ভন ডাৰ লেয়েনে অহা সপ্তাহত বেইজিং ভ্ৰমণ কৰিব। তাৎপৰ্যপূৰ্ণভাৱে ব্ৰাছেলছত শেহতীয়াকৈ ইউৰোপীয় ইউনিয়ন-চীন সম্পৰ্কৰ সন্মিলনত উৰ্চুলাই কয় যে তেওঁ জি জিনপিং চৰকাৰক নতুন ‘অৰ্থনৈতিক নিৰাপত্তা কৌশল’ৰ প্ৰস্তাৱ দিব। তেওঁৰ মতে চলিত বৰ্ষৰ শেষৰ পৰা এই কৌশল কাৰ্যকৰী কৰিব পৰা যাব। ইউৰোপীয় ইউনিয়নৰ হৈ অৱশ্যে এই কৌশল চীনৰ একচেটিয়া অধিকাৰ হ্ৰাস কৰা বুলিও বাতৰি প্ৰকাশ পাইছে। ইয়াৰ উপৰিও মন কৰিবলগীয়া যে চীন আৰু ফ্ৰান্সে ইউনান প্ৰদেশ ব্যৱহাৰ কৰি এল এন জি গেছৰ প্ৰথম ৰাউণ্ডৰ ব্যৱসায় সম্পূৰ্ণ কৰিছে।
কূটনৈতিক সূত্ৰৰ মতে ইউৰোপীয় নেতাসকলৰ সঘনাই চীন ভ্ৰমণৰ আন এটা উদ্দেশ্য হৈছে ৰাছিয়াক সামৰিক সাহায্য আগবঢ়োৱাৰ পৰা বিৰত ৰখা। ইউৰোপৰ মতে চীনে যদি নিজৰ সামৰিক সঁজুলিৰে ৰাছিয়াক সম্পূৰ্ণৰূপে সমৰ্থন কৰে তেন্তে বৃহৎ পৰিসৰৰ সংঘাত আৰু সংকটৰ পৰা হাত সাৰিব নোৱাৰি।