দিল্লীৰ আবকাৰী দুৰ্নীতিৰ গোচৰৰ তদন্তৰ বাবে ইডিয়ে জাৰি কৰা চমনক পঞ্চমবাৰৰ বাবে আজি উপেক্ষা কৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ৷ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল শুকুৰবাৰেও ইডিৰ কাৰ্যালয়ত উপস্থিত থকাৰ পৰা বিৰত থাকে ৷ আপে অভিযোগ কৰে যে লোকসভা নিৰ্বাচনৰ পূৰ্বে তেওঁক গ্ৰেপ্তাৰ কৰাৰ উদ্দেশ্যেৰে বাৰে বাৰে তেওঁক চমন প্ৰেৰণ কৰা হৈছে।
শুকুৰবাৰে আবকাৰী দুৰ্নীতিৰ গোচৰত কেজৰিৱালক সোধা-পোছাৰ বাবে দিল্লীৰ ইডি কাৰ্যালয়ত উপস্থিত হ’বলৈ নির্দেশ দিয়া হৈছিল ৷ আপৰ সূত্ৰ অনুসৰি, আজিৰ দিনটোতে তেওঁলোকে চণ্ডীগড় পূৰ্ণিগামৰ মেয়ৰ নিৰ্বাচনত ‘ৰিগিঙ’ৰ অভিযোগ উত্থাপন কৰি দিল্লীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰিব। প্ৰতিবাদী কাৰ্যসূচীত যোগ দিব কেজৰিৱাল আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানে ।
আপৰ হৈ এক বিবৃতিত কোৱা হৈছে যে ইডিয়ে ‘ৰাজনৈতিক কাৰণত’ সম্পূৰ্ণ ‘অনৈতিক’ ধৰণে কাম কৰি আছে। প্ৰধানমন্ত্ৰীক পোনপটীয়াকৈ দোষাৰোপ কৰি বিবৃতিটোত কয়- ‘মোদীয়ে অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰি দিল্লী চৰকাৰক খাৰিজ কৰিব বিচাৰিছে। আমি তেনেকুৱা হ’বলৈ নিদিওঁ।”
ইয়াৰ পূৰ্বে চাৰিবাৰ চমন পোৱাৰ পিছতো ইডিৰ কার্যালয়লৈ যোৱা নাছিল কেজৰিৱাল। মধ্যপ্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাই থকাৰ বাবে তেওঁ প্ৰথমবাৰৰ বাবে ইডিৰ কাৰ্যালয়ত উপস্থিত নহ’ল। ইয়াৰ পিছত বিভিন্ন অজুহাতত তেওঁ চমন এৰাই চলিছিল। লগতে তেওঁক ‘অবৈধভাৱে’ মাতি অনাৰ অভিযোগ উত্থাপন কৰে। লোকসভা নিৰ্বাচনৰ পূৰ্বে এয়া এক ‘কৌশল’ বুলিও তেওঁ দাবী কৰে। ইডিৰ এই কার্যৰ আঁৰত ‘ৰাজনৈতিক অভিপ্ৰায়’ আছে বুলিও তেওঁ অভিযোগ কৰে৷
যোৱা বছৰৰ এপ্ৰিল মাহত কেজৰিৱালক এই গোচৰত ৯ ঘণ্টা ধৰি চিবিআইয়ে জেৰা কৰিছিল। যদিও এই গোচৰত তেওঁৰ কোনো অভিযোগ নাই। সেই সময়ত কেজৰিৱালে কৈছিল, ‘চিবিআইয়ে মুঠ ৫৬টা প্ৰশ্ন কৰিছে। সকলো ভুৱা। ভুৱা গোচৰ মই নিশ্চিত, আমাৰ বিৰুদ্ধে তেওঁলোকৰ কোনো প্ৰমাণ নাই।”