মহানগৰীৰ শিলসাঁকোৰ পাৰত আজি পুনৰ উচ্ছেদ অভিযান চলোৱা হয় ৷ পাথৰকুঁৱেৰীৰ মেগজিনৰ বিষ্ণু নগৰত প্ৰশাসনে এই উচ্ছেদ অভিযান চলায় ৷ জিএমডিএ আৰু জিলা প্ৰশাসনে তিনিটা বাসগৃহ উচ্চেদ কৰে ৷ নিতুল লহকৰ, ৰুবুল লহকৰ, সৰলা পাটগিৰিৰ ঘৰ উচ্ছেদ কৰা হৈছে আজিৰ অভিযানত ।
উল্লেখ্য যে, শিলসাঁকো পাৰৰ বাসিন্দাই ন্যায়ালয়ত উচ্ছেদৰ বিৰুদ্ধে গোচৰ তৰিছিল। এই গোচৰত আদালতে স্থাগিতাদেশ জাৰি কৰিছিল যদিও পৰৱর্তী সময়ত আদালতে প্ৰশাসনৰ সপেক্ষে ৰায়দান কৰাত প্ৰশাসনে আজি পুনৰ শিলসাঁকোৰ পাৰত উচ্ছেদ অভিযান আৰম্ভ কৰে।
মন কৰিবলগীয়া যে, শিলসাঁকো বিলৰ পাৰত অবৈধভাৱে মাটি দখল কৰি ঘৰ নিৰ্মাণ কৰা লোকসকলৰ ঘৰ উচ্ছেদৰ বাবে অভিযান চলাই আহিছে ৷বিগত বৰ্ষতো ফেব্ৰুৱাৰী মাহত উচ্ছেদ অভিযান চলিছিল শিলসাঁকোত । ইয়াত সৌন্দর্য্যবর্ধণৰ কাম হাতত লোৱা হৈছে ৷
আৱশ্যে এই উচ্ছেদিত লোকসকলে প্ৰতিবাদ অব্যাহত ৰাখিছে ৷ উচ্ছেদিত প্ৰতিটো থলুৱা পৰিয়ালক পুনৰ সংস্থাপন-ক্ষতিপূৰণ দিয়াৰ দাবীৰে তেওঁলোকে প্ৰতিবাদ সাৱ্যস্ত কৰিছে ৷ আনহাতে শিলসাঁকোত কেৱল বাচি বাচি থলুৱা লোকক উচ্ছেদ কৰাৰ বিপৰীতে শিলসাঁকোৰ বুকুত থকা বহিৰাগত পুঁজিপতিৰ বৃহৎ বৃহৎ অট্টালিকাত উচ্ছেদ চলোৱা নাই বুলি প্ৰতিবাদকাৰীসকলে অভিযোগো উত্থাপন কৰিছে ৷