অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কোনিজেটি ৰ’ছাইয়াৰ আজি দেহাৱসান ঘটে ৷ হায়দৰাবাদৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত বিয়োগ ঘটা কোনিজেটি ৰ’ছাইয়াৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৮৮ বছৰ ৷ জ্যেষ্ঠ কংগ্ৰেছ নেতা কোনিজেটি ৰ’ছাইয়াই তামিলনাডুৰ ৰাজ্যপাল হিচাপেও কার্যনিবাহ কৰিছিল ৷ ২০১১ চনৰ পৰা ২০১৬ চনলৈ তেওঁ ৰাজ্যপালৰ দায়িত্ব পালন কৰিছিল ৷ ৰাজ্যপাল হিচাপে দায়িত্ব পালন কৰাৰ পাছতে তেওঁ সক্ৰিয় ৰাজনীতিৰ পৰা অৱসৰ গ্ৰহণ কৰে ৷
ৰ’ছাইয়াৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ হৈছিল ১৯৬৮ চনত ৷ ১৯৬৮ চনত তেওঁ এম এল চি হিচাপে নির্বাচিত হৈছিল ৷ ওৱাই এছ ৰাজাশেখৰ ৰেড্ডীৰ বিয়োগৰ পাছতে ৰ’ছাইয়াই অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহন কৰে ৷ ২০০৯ চনত তেওঁ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে ৷ ইয়াৰ পূর্বে তেওঁ ৰাজ্যখনৰ বিত্ত মন্ত্ৰী হিচাপে কার্যনিবাহ কৰিছিল ৷ আজি অসুস্থ হৈ পৰাৰ পাছতে তেওঁক চিকিৎসলয়লৈ লৈ অহা হৈছিল যদিও তেওঁৰ বিয়োগ ঘটে ৷ কাইলৈ হায়দৰাবাদত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ’ব ৷