এখনৰ পাছত আন এখন ৰাজ্যত ভেটি উচন হোৱাৰ দিশে আগবাঢ়িছে কংগ্ৰেছ ৷ একালৰ কংগ্ৰেছৰ অভেদ্য দূর্গ হিচাপে বিবেচিত মেঘালয়তো এইবাৰ বিপর্যয়ৰ সন্মুখীন হোৱাৰ দিশে আগবাঢ়িছে দলতো ৷ জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাসহ ১১ জন বিধায়কে তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ লগে লগে দলটোৰ মজিয়াত তীব্ৰ জোঁকৰনিৰ সৃষ্টি হৈছে ৷ কংগ্ৰেছ বিধায়িনী দলৰ ১৮ জন বিধায়কৰ ১২ জনেই দলত্যাগ কৰাৰ লগে লগে মেঘালয়ৰ ৬০ জনীয়া বিধানসভাত দ্বিতীয় সর্ববৃহৎ দলত পৰিণত হ’ল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনার্জীৰ নেতৃত্বাধীন তৃণমূল কংগ্ৰেছ ৷ বুধবাৰে বিয়লি মেঘালয় বিধানসভাৰ অধ্যক্ষ মেটবাহ লিংডোৰ হাতত চাংমাসহ ১২ জন বিধায়কে পদত্যাগ পত্ৰ প্ৰেৰণ কৰে ৷ অধ্যক্ষৰ কার্যালয় ত্যাগ কৰি চাংমাই সংবাদ মাধ্যমৰ আগত কয় যে তেঁওলোকে কংগ্ৰেছ ত্যাগ কৰি তৃণমূলত যোগদান কৰিব ৷ আজি দিনত এখন সংবাদমেল সম্বোধন কৰি প্ৰক্তন মুখ্যমন্ত্ৰীজনে সকলো তথ্য সদৰী কৰিব ৷ উল্লেখযোগ্য যে মেঘালয় বিধানসভাত বিৰোধী দলপতি হিচাপে কার্যনিবাহ কৰি অহা মুকুল চাংমাক শেহতীয়াকৈ দলৰ মজিয়াত একাষৰীয়া কৰিবলৈ চেষ্টা কৰাৰ পাছতে তেওঁ তৃণমূল কংগ্ৰেছত যোগদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ দলীয় সংঘাতৰ বাবে ৰাজ্যখনত শেহতীয়াকৈ অনুষ্ঠিত হোৱা উপ নির্বাচনৰ প্ৰচাৰতো চাংমাই অংশগ্ৰহণ কৰা নাছিল