আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা প্ৰাক্তন ডি আই জি ৰৌণক আলী হাজৰিকাৰ বাসগৃহত আজি পুনৰ অভিযান চলালে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে ৷ তদন্তকাৰী সংস্থাটোৱে ডি আই জি জনক লগত লৈ তেঁওৰ হেঙেৰাবাৰীৰ বাসগৃহত অভিযান চলায় ৷ হাজৰিকাৰ বিৰুদ্ধে উত্থাপিত ভুমি কেলেংকাৰি সর্ন্দভতে এই অভিযান চলায় ৷ উল্লেখযোগ্য যে প্ৰক্তন ডি আই জি জনে হেঙেৰাবাৰীৰ ভুমিডোখৰ ক্ৰয় কৰি আদায় দিয়া নাছিল সম্পূর্ণ ধন ৷ ক্ষমতাৰ অপব্যৱহাৰ কৰি মাটিডোখৰৰ পুর্বৰ মালিকক আদায় দিয়া নাছিল ধন ৷ হাজৰিকাক গ্ৰেপ্তাৰৰ পাছতে ভুক্তভোগী পৰিয়ালটোৱে তদন্তকাৰী সংস্থাটোৰ কাষ চাপিছিল ৷ ইয়াৰ ভিত্তিত তেওঁক কাৰাগাৰৰ ভিতৰত জেৰা কৰিছিল তদন্তকাৰীয়ে ৷