অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক নেতা তথা প্ৰাক্তন শিক্ষা মন্ত্ৰী থানেশ্বৰ বড়োৰ দেহাৱসান ঘটিছে। আজি পুৱা ৭.০৮ বজাত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে অগপ দলৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে। দীৰ্ঘদিন ধৰি মধুমেহ, যকৃৎ, বৃক্ক আৰু হৃদৰোগত আক্ৰান্ত হৈ আছিল বড়ো। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৫ বছৰ।
উল্লেখ্য যে বিগত কিছুদিন ধৰি অসুস্থ হৈ আছিল প্ৰাক্তন মন্ত্ৰী গৰাকী ৷ তেওঁক ৰঙিয়াৰ এখন ব্যক্তিগত হাস্পতালত ভর্ত্তি কৰোৱা হৈছিল ৷ কিন্তু তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাত যোৱা সোমবাৰে অসম চৰকাৰৰ দুই মন্ত্ৰী তথা অগপ দলৰ সভাপতি আৰু কাৰ্যকৰী সভাপতি ক্ৰমে অতুল বৰা আৰু কেশৱ মহন্তৰ তৎপৰতাত উন্নত চিকিৎসাৰ বাবে থানেশ্বৰ বড়োক জি এম চি এইচলৈ স্থানান্তৰ কৰা হৈছিল। তেতিয়াৰ পৰা তেওঁ গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছিল ৷
বিগত কেইবাদিনো ধৰি খাদ্যগ্ৰহণ কৰাৰ ক্ষেত্ৰত অসুবিধা হোৱাত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল বড়োক। দেহৰ বিভিন্ন অংশত পানী জমা হোৱাৰ কথা চিকিৎসকে জানিবলৈ দিছে। অসম চৰকাৰৰ প্ৰাক্তন শিক্ষা আৰু ৰাজহ বিভাগৰ মন্ত্ৰী হোৱাৰ উপৰি ৩ বাৰকৈ ৰঙিয়া সমষ্টিৰ বিধায়ক আছিল বড়ো। অগপ চৰকাৰৰ প্ৰথমটো কাৰ্যকালত তেওঁ ৰাজহ মন্ত্ৰী হোৱাৰ লগতে পৰৱৰ্তী সময়ত দুবাৰকৈ শিক্ষামন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । অগপ কার্যালয়, অসম বিধানসভা আৰু বড়ো সাহিত্য সভাৰ কার্যালয়ত তেওঁলৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰা হ’ব ৷ ৰঙিয়াত ৰাজ্যিক মর্যদাৰে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ’ব ৷
তেওঁৰ মৃত্যুত গভীৰ শোকপ্ৰকাশ কৰিছে অগপ সভাৎপতি অতুল বৰাই ৷ এক শোকবার্তাত তেওঁ কয়-“অসম গণ পৰিষদৰ প্ৰাক্তন সভাপতি, অসম চৰকাৰৰ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা ৰাজহমন্ত্ৰী, বিশিষ্ট সমাজসেৱী থানেশ্বৰ বড়োৰ পৰলোকপ্ৰাপ্তিয়ে আমাক শোকাহত কৰিছে। আঞ্চলিকতাবাদৰ প্ৰসাৰৰ যোগেদি স্বদেশ-স্বজাতিৰ প্ৰতি থকা তেখেতৰ দায়বদ্ধতা সদায়েই অনুকৰণীয় হৈ ৰ’ব। ৰাজ্যখনৰ শিক্ষাক্ষেত্ৰকো সবল ৰূপ দিয়াৰ বাবে তেখেতে অহোপুৰুষাৰ্থ কৰিছিল।
বাৰ্ধক্যজনিত শাৰীৰিক অসুবিধাকো আওকাণ কৰি বড়োই ২০২৩ চনৰ ১৪ অক্টোবৰত গোলাঘাটত অনুষ্ঠিত অগপৰ ৩৯ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানটিলৈ আহি জাতীয়তাবাদ তথা দলটোৰ প্ৰতি থকা মৰম প্ৰদৰ্শন কৰি আমাক সকলোকে উৎসাহিত কৰিছিল। আমাৰ বাবে এয়া সদায় স্মৰণীয় হৈ ৰ’ব। তেখেতৰ বিয়োগ অসম গণ পৰিষদৰ পৰিয়ালৰ লগতে জাতীয় জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি। এই শোকৰ মুহূৰ্তত তেখেতৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ আৰু তেখেতৰ বিদেহ আত্মাৰ সদ্গতি কামনাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।“