নহৰু সেৱন কৰাটো আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি আমি সকলোৱে একেমুখে স্বীকাৰ কৰোঁ। কিন্তু আপুনি বাৰু জানেনে যে অত্যাধিক নহৰু সেৱন কৰিলে আমাৰ স্বাস্থ্যৰ যথেষ্ট ক্ষতি হব পাৰে।
ভাৰতীয় ৰান্ধনী সকলৰ বাবে নহৰু পাকঘৰৰ এনে এবিধ মছলা যি আহাৰ অধিক সুস্বাদু কৰাৰ লগতে ঔষধি গুণসম্পন্ন এই নহৰুৱে আমাক স্বাস্থ্যৰ ক্ষেত্ৰতো যথেষ্ট সহায় কৰে ৷কাৰণ ই আমাৰ বাবে অতি উপকাৰী। বহু সাধাৰণ ৰোগৰ চিকিৎসাৰ বাবে এই নহৰুক ঘৰুৱা ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। অৱশ্যে যদি আপুনিও সেইসকল লোকৰ ভিতৰত যিয়ে নিতৌ নহৰু খায় সুস্থ হৈ থাকিবলৈ বিচাৰে তেন্তে এইক্ষেত্ৰত আপুনি কিছু সাৱধান হোৱাটো প্ৰয়োজন। কাৰণ অতিৰিক্ত পৰিমাণে নহৰু সেৱন কৰিলে আপোনাৰ ৰক্তচাপ হ্ৰাস পোৱাৰ লগতে বুকু জ্বলা-পোৰাৰ দৰে সমস্যাও হ’ব পাৰে৷
অত্যাধিক নহৰু খোৱাৰ পাৰ্শ্বক্ৰিয়া-
অত্যাধিক নহৰু সেৱনে হজম শক্তিৰ সমস্যা সৃ্ষ্টি কৰিব পাৰে ৷
আয়ুৰ্বেদৰ মতে নহৰুক গৰম প্ৰকৃতিৰ বুলি গণ্য কৰা হয়, সেয়েহে যদি আপুনি অতিৰিক্ত পৰিমাণে নহৰু সেৱন কৰে তেন্তে আপুনি পাচনতন্ত্ৰৰ সমস্যাৰ সন্মুখীন হ’ব পাৰে। ইয়াৰ বাবে আপুনি গেছ, কোষ্ঠকাঠিন্য আৰু পেটৰ বিষৰ দৰে সমস্যাৰো সন্মুখীন হ’বলগীয়া হ’ব পাৰে।
উচ্চ ৰক্তচাপ থকা ৰোগীক প্ৰায়ে ৰাতিপুৱা খালী পেটত কেঁচা নহৰু খাবলৈ পৰামৰ্শ দিয়া হয়। কিন্তু যদি আপুনি দৈনিক দীৰ্ঘদিন ধৰি নহৰু সেৱন কৰে তেন্তে ইয়াৰ ফলত নিম্ন ৰক্তচাপৰ সমস্যাও হ’ব পাৰে। যাৰ বাবে আপোনাৰ মূৰ ঘূৰোৱাৰ দৰে সমস্যাও সৃষ্টি হ’ব পাৰে।
নহৰুত থকা চালফাৰ নামৰ এবিধ মৌলৰ বাবে ইয়াৰ গোন্ধ ইমান শক্তিশালী।সেয়েহে অধিক মাত্ৰাত নহৰু সেৱন কৰিলে মুখৰ দুৰ্গন্ধৰ সৃষ্টি হ’ব পাৰে।
গৰম স্বভাৱৰ বাবে এই নহৰুৱে আমাৰ পেটত এচিডিটি বৃদ্ধি কৰিব পাৰে। গতিকে এচিডিটিৰ সমস্যাত ভুগি থকা ব্যক্তিয়ে নহৰু সেৱন কৰিব নালাগে। অন্যথা বুকু জ্বলা-পোৰাৰ সমস্যা আৰু অধিক বৃদ্ধি পাব পাৰে।
অনহাতে নহৰু সেৱন কৰাৰ ফলত আমাৰ তেজ পাতল হৈ পৰে। কাৰণ নহৰুত এনে কিছুমান মৌল পোৱা যায় যিয়ে আমাৰ তেজ পাতল কৰাৰ কাম কৰে। গতিকে যদি আপুনি ইতিমধ্যে তেজ পাতল কৰাৰ কোনো ঔষধ খাই আছে তেন্তে নহৰু সেৱন কৰা উচিত নহয়। অন্যথা ৰক্তক্ষৰণৰ সমস্যাৰ সৃ্ষ্টি হ’ব পাৰে।