সংসদৰ বিশেষ অধিৱেশনৰ উদ্দেশ্য কি? ইয়াৰ সন্দৰ্ভত জল্পনা-কল্পনা বাঢ়িবলৈ আৰম্ভ কৰিছে । এই প্ৰেক্ষাপটত ৰাষ্ট্ৰপতিয়ে আয়োজন কৰা জি-২০ বৈঠকত নৈশ আহাৰ গ্ৰহণৰ আমন্ত্ৰণত লিখা কথাখিনিৰ বাবেই দেশখনৰ নাম সলনিৰ বিষয়ে জল্পনা-কল্পনাই অধিক গতি লাভ কৰিছিল। কংগ্ৰেছে দাবী কৰিছে যে আমন্ত্ৰণ পত্ৰত পৰম্পৰাগত প্ৰেছিডেণ্ট অৱ ইণ্ডিয়াৰ সলনি প্ৰেছিডেণ্ট অৱ ভাৰত বুলি লিখা হৈছে। এনে পৰিপ্ৰেক্ষিতত প্ৰশ্ন উত্থাপন হয়, নৰেন্দ্ৰ মোডীৰ চৰকাৰে আগন্তুক বিশেষ অধিবেশনত এই প্ৰস্তাৱ দাখিল কৰিবলৈ ওলাইছে নেকি?
৯ ছেপ্টেম্বৰত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে জি-২০ সন্মিলনত অংশগ্ৰহণ কৰা ৰাষ্ট্ৰপ্ৰধানসকলক ৰাতিৰ আহাৰ গ্ৰহণৰ বাবে আমন্ত্ৰণ জনাইছে। সেই উপলক্ষে নিমন্ত্ৰণ পত্ৰখনো নিমন্ত্ৰিতসকললৈ প্ৰেৰণ কৰা হৈছে ৷নিমন্ত্ৰণ পত্ৰক কেন্দ্ৰ কৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়াই ৰাষ্ট্ৰীয় ৰাজনীতিৰ প্ৰভাৱ পেলাইছে । কাৰণ, ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কাৰোবালৈ চিঠি লিখিলে তাত পৰম্পৰাগতভাৱে প্ৰেছিডেণ্ট অৱ ইণ্ডিয়া বুলি লিখা থাকে। কিন্তু জি-২০ৰ নেতাসকললৈ নিমন্ত্ৰণ পত্ৰত লিখা আছে প্ৰেছিডেণ্ট অৱ ভাৰত ’। ইয়াৰ পিছত প্ৰশ্ন উত্থাপন হ’ল, এনে হঠাৎ পৰিৱৰ্তনৰ কাৰণ কি? এই বিষয়ত কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে বিজেপিক আক্ৰমণ কৰে। এক্স-ত (প্ৰাক্তন টুইটাৰ) ৰমেশৰ কটুক্তি, “তেন্তে মই যি শুনিলোঁ সেয়া সঁচা! “
কংগ্ৰেছৰ এই আক্ৰমণৰ পৰাই আৰম্ভ হৈছে আন এক জল্পনা-কল্পনা। অৰ্থাৎ আগন্তুক সংসদৰ বিশেষ অধিৱেশনত মোডী চৰকাৰে সকলো ভাষাতে দেশৰ নাম ইণ্ডিয়াৰ পৰা ভাৰতলৈ সলনি কৰাৰ প্ৰস্তাৱ আনিবলৈ গৈ আছে নেকি? বিশেষ অধিৱেশনৰ কাৰণ এতিয়াও কাৰো বাবে স্পষ্ট হোৱা নাই। বহুতে দাবী কৰে যে ‘এখন দেশ এক নির্বাচন’ৰে এটা গুৰুত্বপূৰ্ণ বিধেয়ক আনিব পাৰি। বহুতে দাবী কৰে যে মহিলা সংৰক্ষণ বিল দাখিল কৰিব পাৰি। এই প্ৰেক্ষাপটতেই ভাৰতৰ ৰাষ্ট্ৰপতিৰ জি-২০ নেতাৰ ৰাতিৰ আহাৰ গ্ৰহণৰ নিমন্ত্ৰণ পত্ৰক কেন্দ্ৰ কৰি নতুন জল্পনা-কল্পনাৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰিছে। আৰম্ভণিৰে পৰা এই বিষয়ত চৰকাৰ মৌন হৈ আছে।
প্ৰসংগক্ৰমে বিজেপি বিৰোধী দলসমূহে গঠন কৰা মিত্ৰজোঁটৰ নাম ‘ইণ্ডিয়া’ ৰখা হৈছে। ইয়াত কংগ্ৰেছ, তৃণমূল, শিৱসেনা (উদ্ধৱ শিবিৰ), এন চি পি, এছ পি, জে ডি ইউ, ডি এম কে আদি কেইবাটাও বিজেপি বিৰোধী দল আছে।