ৰাজ্যৰ মাজেৰে অব্যাহত আছে বন্য জীৱ-জন্তুৰ অবৈধ সৰবৰাহ ৷ বুধবাৰে অবৈধভাৱে সৰবৰাহ কৰিবলৈ চেষ্টা কৰা বিলুপ্তপ্ৰায় বান্দৰ আৰু কেংগাৰু জব্দ কৰিছে বন বিভাগে ৷ এক গোপন সূত্ৰৰ ভিত্তিত হাজোত এখন বাহনৰ পৰা উদ্ধাৰ কৰিছে এই বন্য জন্তুসমূহ ৷
এন কে ডিভিজনৰ নৰ্দাৰ্ণ ৰেঞ্জৰ ৰেঞ্জ অফিচাৰ সংগীতা ৰাণী সিংহৰ নেতৃত্বত বনকৰ্মীৰ এটা দলে বাহনখন জব্দ কৰে ৷ এখন ইনোভা বাহনত ছয়টা পিঞ্জৰাত লকুৱাই অনা হৈছিল বিলুপ্তপ্ৰায় বান্দৰ আৰু কেংগাৰু ৷ এই ঘটনাত জড়িত এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ৷ অৱশ্যে আন এজন লোক ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷