জম্মু-কাশ্মীৰত পুনৰ আৰম্ভ হৈছে সেনা-উগ্ৰপন্থীৰ সংঘর্ষ । জানিব পৰা মতে, বাহিনীৰ গুলীচালনাত ৩ জন উগ্ৰপন্থীৰ মৃত্যু হৈছে। এইবাৰ জম্মুৰ সিধৰা অঞ্চলত সংঘটিত হৈছে এই ঘটনা।
জম্মু-কাশ্মীৰ আৰক্ষীৰ সূত্ৰ অনুসৰি বুধবাৰে পুৱা প্ৰায় ৭:৩০ বজাৰ পৰা আৰম্ভ হয় সংঘর্ষ ৷ দুই-তিনিজন উগ্ৰপন্থীয়ে আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰে আৰক্ষীয়ে। এই খবৰৰ ভিত্তিত সেনা আৰু আৰক্ষীৰ যুটীয়া বাহিনীয়ে তালাচী অভিযান আৰম্ভ কৰে। সেই সময়ত উগ্ৰপন্থীয়ে সিধৰা অঞ্চলত সেনাবাহিনীৰ ওপৰত গ্ৰেনেড নিক্ষেপ কৰে। সেনাইও প্ৰত্যুত্তৰত গুলীচালনা কৰে। আৰম্ভ হয় প্ৰচণ্ড গুলীয়াগুলী । সেনা বাহিনীৰ গুলীত তিনিওজন উগ্ৰপন্থী নিহত হয়। সমগ্ৰ অঞ্চলটোৰ চাৰিওফালে তালাচী অভিযান আৰম্ভ হৈছে।
প্ৰসংগক্ৰমে মঙলবাৰে জম্মুৰ সমীপৰ উধামপুৰত আৰক্ষীয়ে ১৫ কেজি আই ই ডি উদ্ধাৰ কৰে। বিষয়াসকলে দাবী কৰিছে যে এক বৃহৎ বিধ্বংসী পৰিকল্পনা বিফল হৈছে। ইয়াৰ উপৰিও লস্কৰ-ই-তৈবাৰ প্ৰতীক থকা এখন বহীৰ পৃষ্ঠাও উদ্ধাৰ কৰা হয়। এজন সন্দেহযুক্ত লোকক আটক কৰি জেৰা অব্যাহত ৰাখিছে। ঘটনাৰ পিছতে উপত্যকাত পুনৰ আৰম্ভ হয় এনকাউণ্টাৰ। এইবাৰ সেনা আৰু উগ্ৰপন্থীৰ মুখামুখি সংঘর্ষ হয় ৷