শেহতীয়াকৈ ভাৰতে বাছমতীৰ বাহিৰে চাউল ৰপ্তানি নিষিদ্ধ কৰিছিল। যাৰ বাবে বহু দেশ বিপদত পৰিছে। কিন্তু সকলোতকৈ বেছি বিভিন্ন দেশত বসবাস কৰা প্ৰবাসী ভাৰতীয়সকল বিপদত পৰিছে। বিশ্বৰ বজাৰত চাউল ৰপ্তানিকাৰী দেশসমূহৰ ভিতৰত অন্যতম ভাৰত। সেয়ে যোৱা সপ্তাহত চৰকাৰৰ এই ঘোষণাৰ পাছত বিভিন্ন দেশত হুলস্থুলৰ সৃষ্টি হৈছে। বিভিন্ন দেশত বৃদ্ধি পাইছে প্ৰি-ষ্টক কৰা চাউলৰ মূল্য। সেই চাউল কিনিবলৈ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে গ্ৰাহকৰ মাজত । প্ৰব্ৰজনকাৰী ভাৰতীয়সকলৰ মাজতো উদ্বেগ বিয়পি পৰিছে। আমেৰিকাৰ বিভিন্ন দোকানত ষ্টক কৰা চাউল কিনিবলৈ গ্ৰাহকৰ দীঘলীয়া শাৰী দেখা গৈছিল।
ৱাশ্বিংটনত বাস কৰা ভাৰতীয় প্ৰবাসী অৰুণা নামৰ এগৰাকী ভাৰতীয় প্ৰবাসীয়ে সংবাদ সংস্থা এএনআইক জনাইছে যে, “মই পুৱা ৯ বজাৰ পৰা চাউল কিনিবলৈ ওলাই আহিলোঁ। ১০ টা ষ্ট’ৰ ভ্ৰমণ কৰিলো। চাউল কিনাৰ বাবে বিয়লি ৪ বজালৈকে অপেক্ষা কৰিলো । শেষত সাধাৰণ দামৰ তিনিগুণত চাউলৰ বেগ এটা পালোঁ।“
মূল্যবৃদ্ধিৰ বাবে ভাৰতত চাউলৰ দাম দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। সেয়ে এই নিষেধাজ্ঞা আৰোপ কৰিছে চৰকাৰে ৷যাতে দেশৰ জনসাধাৰণে অধিক মূল্যত চাউল কিনি খাব নালাগে। চৰকাৰী সূত্ৰৰ মতে, ঘৰুৱা ক্ৰেতাসকলে যাতে বছৰটোৰ ভিতৰতে সকলো ধৰণৰ চাউল উপলব্ধ হয় তাৰ উদ্দেশ্যেও এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কিন্তু ভাৰতে এতিয়াও বাছমতী চাউলৰ ৰপ্তানি বন্ধ কৰা নাই। আমেৰিকাৰ মেৰিলেণ্ডৰ পাইকাৰী বিক্ৰেতা ‘স্বপ্না ফুডছ’ৰ স্বত্বাধিকাৰী তৰুণ চৰ্দানাই কয় যে সেই দেশত চাউলৰ চাহিদা বৃদ্ধি পাইছে।