চকুৰ উন্নতমানৰ চিকিৎসা সেৱা প্ৰদানৰ উদ্দেশ্যে শুক্ৰবাৰে সোনাপুৰ জিলা চিকিৎসালয়ত চকু অস্ত্ৰোপচাৰ কক্ষৰ শুভাৰম্ভনি কৰা হয়।
অস্ত্ৰোপচাৰ কক্ষত বিশেষকৈ চকুত চানি পৰা ৰোগৰ (cataract) অস্ত্ৰোপচাৰ বিনামূলীয়াকৈ কৰাৰ লগতে সকলো ধৰণৰ চকুৰ ৰোগৰ সেৱা আগবঢ়োৱা হ’ব।
চকু অস্ত্ৰোপচাৰ কক্ষটো উদ্বোধন কৰে ৰাষ্ট্ৰীয় অন্ধতা নিৱাৰণী আঁচনিৰ ৰাজ্যিক বিষয়া ডাঃ ভানু শইকীয়াই।অনুষ্ঠানত জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ কন্দৰ্প কুমাৰ দাস, গুৱাহাটী আঞ্চলিক নেত্ৰ প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ জ্যোতি ভূঞা, চিকিৎসালয়খনৰ অধীক্ষক ডাঃ অনুৰাধা বৰঠাকুৰৰ লগতে
অনান্য চিকিৎসক আৰু বিষয়ববীয়াসকল উপস্থিত থাকে৷