এইবাৰ বৰপেটাত আৱিৰ্ভাৱ ঘটিছে ভুৱা জিলা আয়ুক্ত চমুকৈ ডিচিৰ ৷প্ৰৱঞ্চনা কৰি ভুৱা ডিচিয়ে লুটি নিলে ৫০ হেজাৰ টকা ৷ প্ৰাপ্ত তথ্য অনুসৰি দুই শিক্ষয়িত্ৰীৰ পৰা ভুৱা ডিচিয়ে লুটি নিলে ৫০ হাজাৰ টকা।
জানিব পৰা মতে নজৰুল ইছলাম নামৰ এটা প্ৰৱঞ্চকে এজনক ভুৱা উপায়ুক্ত বুলি পৰিচয় কৰাই দিছিল । ভুৱা উপায়ুক্তৰে কনফাৰেন্স কলৰ জৰিয়তে শিক্ষয়িত্ৰী দুগৰাকীক বিভিন্ন ভয় ভাবুকি প্ৰদান কৰিছিল ৷ শিক্ষয়িত্ৰী ফুলমণি মদাহি, সহ-শিক্ষয়িত্ৰী ৰুকছানা আহমেদক বিভিন্ন ভাবুকি দি এই ধন লুটি লৈ যায় ৷
দুয়ো গৰাকী মাণিকপুৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী । প্ৰৱঞ্চকজনে চিএম ভিজিলেন্সত গোচৰ দিয়াৰ ভাবুকিৰে শিক্ষয়িত্ৰী দুগৰাকীৰ পৰা ধন দাবী কৰে । পৰৱর্তী সময়ত ফোনপে’ৰ জৰিয়তে ধন দিবলৈ প্ৰৱঞ্চকজনে শিক্ষয়িত্ৰী দুগৰাকীক বাধ্য কৰায় ৷
পৰৱর্তী সময়ত সন্দেহ ওপজাত শিক্ষয়িত্ৰী দুগৰাকীয়ে কলগাছিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । ইয়াৰ ভিত্তিতে আৰক্ষীয়ে নজৰুলক গ্ৰেপ্তাৰ কৰে ৷